July 20, 2024 6:59 PM

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে আজি ধুবুৰী জিলাৰ বীৰসিং জৰোৱা উন্নয়ন খণ্ডৰ অধীনত বীৰসিং গাঁও পঞ্চায়তৰ কাৰ্যালয়ত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। সম্পূর্ণতা অভিযানৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য বিভাগে গ্রহণ কৰা সজাগতামূলক অনুষ্ঠানত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মহিলা আৰু শিশুক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা তথা পুষ্টিকৰ খাদ্য যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৃষি বিভাগে গ্রহণ কৰা কাৰ্...

July 18, 2024 8:02 PM

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা এতিয়ালৈ ৫৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে এই লোকসকল জাপানীজ এনচেফেলাইটিছতেই নহয় অন্য ৰোগতো আক্ৰান্ত হৈছে। জিলাখনত মুঠ ৮ জন লোকহে এই ৰোগত আক্ৰান্ত হো...

July 18, 2024 7:56 PM

অসমৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধ পান কৰ...

July 18, 2024 5:52 PM

পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত আজি অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীর্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধপালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্...

July 18, 2024 5:26 PM

অসম বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে

দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্রটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১ শতাংশ বাল্য বিবাহ ৰোধ হৈছে। দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা অসমৰ আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজসমূহকো আহ্বান জনাইছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা কঠোৰ আইনী পদক্ষেপৰ বাবে বাল্য বিবাহ হ্ৰাস পোৱা বুলি সমীক্...

July 16, 2024 12:45 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনা...

July 16, 2024 12:39 PM

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’বঃ মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। হাতীমূৰাৰ ভগ্ন মথাউৰিৰ স্থান পৰিদৰ্শন কৰি কালি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয় যে, হাতীমূৰাৰ ক'ফাৰ বান্ধব কাম ইতিমধ্যে ৫০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী কম পৰিমাণে কলঙলৈ বৈ আছে। প্রকৃতিয়ে কোনো বাধা নিদিলে এসপ্তাহৰ ভিতৰত হাতীমূবাৰ ব্ৰহ্মপুত্ৰ সংলগ্ন ক'ফাৰ বান্ধব মুখ বন্ধ কৰিবলৈ জনসম্পদ বিভাগ সমৰ্থ হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত...

July 16, 2024 12:17 PM

১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰীয়া নির্মূল অভিযান কাৰ্যসূচী আৰম্ভ

শৈশৱৰ ডায়েৰীয়া সমস্যা নিয়ন্ত্ৰণ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন গ্রামীণে যোৱা ১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰীয়া নির্মূল অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। বিশেষকৈ বানৰ পাছত ডায়েৰীয়া প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অধীনত বানৰ পাছত ডায়েৰীয়াৰ পৰা হাত সাৰিবৰ বাবে পানীৰ উৎসসমূহ পৰিষ্কাৰ তথা বীজাণুমুক্ত কৰা, বন্ধ হৈ থকা পানীত গা-ধোৱা পৰিহাৰ কৰা, পৰিষ্কাৰ সুৰক্ষিত খোৱাপানী ব্যৱহাৰ কৰা, বানৰ পাছত বিস্তৃতভাৱে চাফ-চিকুণতা নিশ...

July 16, 2024 12:07 PM

প্রধানমন্ত্রী মোদীক সাক্ষাৎ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

■ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে শ্ৰী মোদীক ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। আলোচনাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ লগতে বানৰ প্ৰভাৱ কম কৰাৰ ক্ষেত্ৰত সহায়ৰ বাবে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক সদায় সহযোগিতা আগবঢ়াই আহিব বুলি প্ৰকাশ কৰিছে। শ্রী মোদীয়ে বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায়-সহযোগিতা আগবঢ়াব বুলিও শ্রী কাটাৰীয়াক আশ্বাস দি...

July 15, 2024 12:42 PM

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অসমৰ ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্তই ৭ পইণ্...