August 1, 2024 6:40 PM

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। নদীকেইখনৰ বাঢ়নী পানীয়ে গোলাঘাট জিলা, মৰঙী আৰু নুমলীগড় অঞ্চলৰ বিভিন্ন গাঁও প্লাৱিত কৰিছে। বানৰ ফলত খুমটাই বিধানসভা সমষ্টিৰ শাওতলী, ভোলাগুৰি, আৱঘাট, আধাৰ সত্ৰ, বুটলিখোৱাকে ধৰি ১০খনৰো অধিক গাঁও প্লাৱিত হৈছে। আনহাতে, মৰঙী ৰাজহ চক্ৰৰ লেটেকুচাপৰি, বৰচাপৰি, কেন্দুগুৰি আদিকে ধৰি ২০খনৰো অধিক গাঁও প্লাৱিত হৈছে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ঠাইত আশ্রয় শিবিৰ মুকলি কৰাৰ লগতে সাহায্য...

August 1, 2024 6:48 PM

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়বস্তুৰে আজিৰেপৰা ১৫ আগষ্ট পর্যন্ত ৩ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি...

August 1, 2024 2:53 PM

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটীত থকা অসম লোকসেৱা ভৱনত কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰে। কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ...

August 1, 2024 1:00 PM

আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। কালি গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই তথ্য সদৰী কৰে। কেবিনেট হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি তেওঁ কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ পো...

August 1, 2024 12:55 PM

৬ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্রকাশ

সমগ্র শিক্ষা অভিযানে অহা বৰ্ষৰ ৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্রকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ দৰে ৬ জানুৱাৰীতে আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৪ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৫-ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৭,...

August 1, 2024 12:51 PM

খানাপাৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম পশুধন আৰু হাঁহ- কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ সংসাধিত খাদ্য সামগ্রী প্রস্তুত কৰা হ'ব। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহনা যোগাই আহিছে। তদুপৰি ৰাজ্যৰ সবাতোকৈ সম্ভাৱনা পূর্ণ ক্ষেত্ৰসমূহৰ অন্যতম হোৱা হেতুকে ইয়াৰ লগত জড়িত হৈ নত...

August 1, 2024 10:01 AM

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু

■ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈছে। উপ নির্বাচন হ'বলগীয়া ঢলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ খচৰা ভোটাৰ তালিকাও ইতিমধ্যে আয়োগে প্রকাশ কৰিছে। এই পাঁচোটা সমষ্টিৰে সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ ক্ষেত্ৰত দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা অহা ১০ আগষ্টত উকলিব। এই সমষ্টিসমূহৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি নাইবা আন সংশোধনীৰ ক্ষেত্ৰত আৱেদন পত্র অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পৰা যাব যদিও প্ৰ-পত্ৰ অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব। আনহাতে দাবী আৰ...

July 29, 2024 6:22 PM

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কাজিৰঙাৰ চাৰিজন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ৫৪ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ...

July 29, 2024 8:04 PM

ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা বিশেষ ন্যায়াধীশৰ আদালতৰ

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। সেই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুর্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৪টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছে। একেদৰে আয়োগৰ প্ৰাক্তন সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্রপথেৰে চাকৰি লোৱাৰ অভ...

July 20, 2024 7:18 PM

ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলা ভিত্তিক ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইত আজি ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলা ভিত্তিক ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালিকা এম এছ লক্ষ্মীপ্রিয়াকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। শিশুসকলক ডায়েৰিয়াৰ পৰা ৰক্ষা কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। এই অভিযানৰ সময়ছোৱাত আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে অ আৰ এছ, জিংক টেবলেট ইত্যাদিৰ সেৱনৰ প্ৰয়োজন...