April 8, 2024 12:14 PM

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেইবাটাও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যে কাইলৈ অসমত উপস্থিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড় সমষ্টিত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে একেদিনাই শোণিতপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আন দুখনকৈ প্ৰচাৰ সভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব। ইয়াৰ পিছত তেওঁ তিনিচুকীয়াত এটা পদযাত্রাতো অংশ ল'ব।

April 7, 2024 6:45 PM

বাক্সা, তামুলপুৰ আৰু  কামৰূপ নির্বাচনী জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা তথা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণ ভোটগ্রহণৰ প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নির্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মণিষা হাজৰিকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিতো চাৰি শতাধিক শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ...

April 7, 2024 6:39 PM

অসমত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মন্ত্ৰী-বিধায়ককে ধৰি বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৯ দিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যাপ্রসাদ তাছাৰ হৈ গোলঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে হোজাই আৰু দেৰগাঁৱত নির্বাচনী সভাত অংশগ্রহণ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ নয়। এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা, ...

April 7, 2024 1:32 PM

ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনসমূহৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

বিভিন্ন জিলা প্রশাসনে ৰাজ্যখনত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, ভোটাৰ সজাগতা কাৰ্যসূচী আদি চলি থকাৰ সমান্তৰালকৈ অবৈধ ধনৰ সৰবৰাহ ৰোধ, মাদক দ্রব্য জব্দ কৰা আদি কাৰ্যও কৰি থকা হৈছে। মৰিগাঁও জিলাৰ ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। কালি দ্বিতীয় দিনা ২,১১...

April 7, 2024 12:55 PM

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১৯, ২৬ এপ্ৰিল আৰু ৭ মে'ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগ আদিকে ধৰি ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান অহা ১৯ এপ্রিলত বন্ধ থাকিব। ...

April 7, 2024 12:50 PM

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ডিব্ৰুগড় সমষ্টিৰ দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্রী, বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ লগতে ভালেসংখ্যক নেতাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে। ইপিনে, যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। সৰ্বানন্দ সোনোৱালে আজি নিজ সমষ্ট...

April 5, 2024 8:42 PM

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত কাইলৈ একেধৰণৰ বতৰ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। 

April 5, 2024 6:45 PM

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংক...

April 5, 2024 6:33 PM

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা-লোকনির্ণয়, ২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা-লোকনির্ণয়, ২০২৪' শীৰ্ষক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পলৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানত সমাগত লোকসভা নিৰ্বাচনৰ প্রস্তুতি সন্দৰ্ভত জিলা আয়ুক্তগৰাকীৰ সৈতে বাৰ্তালাপ কৰা হ'ব।

April 5, 2024 1:26 PM

ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

◊ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে। হোজাইৰ দক্ষিণ কেন্দুগুৰি বৰনামঘৰৰ খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সংঘৰ সৌজন্যত ৮ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। টীয়কৰ ঔগুৰি খেলপথাৰতো ১০ দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ কেইবাগৰাকীও অভিজ্ঞ প্...