May 1, 2024 9:18 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৫টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে।  বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেগৰাকী প্ৰাৰ্থীৰ হৈ হাজোৰ কুলহাটীত প্ৰচাৰ চলায়। পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমর্থিত প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ ...

April 22, 2024 11:25 AM

ৰাজ্যৰ ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন ড’নাৰ মন্ত্ৰালয়ৰ

ড’নাৰ মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি অর্থাৎ NESIDSৰ অধীনত এই প্রকল্পকেইটাৰ ৰূপায়ণ কৰা হ'ব। আন্তঃমন্ত্ৰ্যালয়ৰ ৪৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অধীনত ৭১ কোটি ৯৩ লাখ টকা ব্যয় সাপেক্ষে জাবৰ নিষ্কাশন প্রকল্প ৰূপায়ণ কৰা হ'ব। দ্বিতীয়টো প্ৰকল্পৰ অধীনত ১৮ কোটি ৭২ লাখ টকা ব্যয় সাপেক্ষে কোকৰাঝাৰৰ লক্ষীবজাৰত ঔদ্যোগিক পাম নিৰ্মাণ কৰা হ'ব। তৃতীয়টো প্ৰকল্পৰ অধীনত লাম...

April 21, 2024 6:07 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যেৰে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বোত অংশগ্ৰহণ কৰিব। আনহাতে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ ছিং তিছ'ৰ হৈ প্ৰচাৰ চলায়। বোকা...

April 21, 2024 1:21 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ ৫ টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহ...

April 21, 2024 1:02 PM

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে, কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী নৱ শৰণীয়াৰ প্ৰাৰ্থীত্বক লৈ বিৰ...

April 20, 2024 12:10 PM

প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূলৰ বাবে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জৰিয়তে কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ হাতত তুলি দিলে এক বিশেষ ক্ষমতা। প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূল কৰাৰ বাবে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জৰিয়তে কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ শর্মাই কালি নগাঁও সংসদীয় সমষ্টিৰ তিনি স্থানৰ লগতে দৰং, ওদালগুৰি সংসদীয় সমষ্টিৰ টংলাত কালি অনুষ্ঠিত হোৱা চাৰিখন নির্বাচনী সভাতএই কথা ঘোষণা কৰে।

April 15, 2024 9:19 PM

 নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধৰ উপৰি নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্র ৩ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্ৰিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত নিৰ্বাচনী পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰ...

April 15, 2024 9:07 PM

কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা । তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অং...

April 15, 2024 12:45 PM

লোকসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্য চৰকাৰৰ বেতনসহ ছুটী ঘোষণা

লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্য চৰকাৰে ভোটগ্ৰহণৰ দিনকেইটাত বেতনসহ ছুটী ঘোষণা কৰিছে। অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে জাৰি কৰা অধিসূচনা অনুযায়ী অসমত ৩টা পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' দিনকেইটাত সকলো কাৰখানা, চাহ বাগিচা, দোকান তথা বাণিজ্যিক প্রতিষ্ঠান, ৰাজহুৱা আমোদ প্রমোদ বা বিনোদন প্রতিষ্ঠানকে ধৰি সকলো উদ্যোগ, কর্মশালা, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক তথা অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰ কাৰণে বেতনসহ ছুটী ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইনৰ ১৩...

April 15, 2024 1:32 PM

ৰাজ্যজুৰি আনন্দ উছাহৰ মাজেৰে ব’হাগ বিহু পালন

আজি গোসাঁই বিহু। সাদিনীয়া বিহুৰ তৃতীয় দিনটো অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। ইফালে, ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উছাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰি, গণেশগুৰি, নুনমাটি, বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চবিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিব...