June 1, 2024 1:10 PM

ৰাজ্যত সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত ২৫টা ৰাজহ চক্ৰৰ মুঠ ৫৬০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু ৪ হাজাৰ ৯০০ৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাট আৰু অন্য আন্তঃগা...

May 31, 2024 7:46 PM

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাৱ্য পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত পর্যালোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ সকলো সদস্যক নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ লগতে অনাগত দিনত জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাজপথত সুৰাপান কৰি যান-বাহন চলোৱা ...

May 31, 2024 7:28 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

May 31, 2024 6:03 PM

সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পলন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰচনা প্রতিযোগিতাও অনুষ্ঠিত হয়। বৰপেটা জিলা স্বাস্থ্য বিভাগ আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতালেও এই দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত এটা সমদল উলিওৱা হয়...

May 30, 2024 2:38 PM

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে ক...

May 30, 2024 2:31 PM

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে'ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে'লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে'লৱে কিছুসংখ্যক ৰে'লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশিকভাৱে বাতিল নাইবা পুনৰ সময় নিৰ্ধাৰণ কৰিবলগীয়া হয়। নিউ হাফলঙৰ পৰা বান্দৰখাললৈ ৰে'ল পথৰ ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইখনমান ৰে'লৰ যাত্ৰা আংশিকভাৱে বাতিল ...

May 30, 2024 2:28 PM

আজি অসম মাধ্যমিক শিক্ষা পৰিষদে ‘ছেবা ছাৰ্ভিচ’ প’ৰ্টেল মুকলি কৰিব

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ছেবা ছাৰ্ভিচ প’ৰ্টেল মুকলি কৰিব। সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ এই প'ৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত ছেবাৰ সচিবে স্বাক্ষৰ কৰা জাননীখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰথম গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা, দ্বিতীয় গোট পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবা ছাৰ্ভিচ প'ৰ্টেলত আপলোড কৰিবলৈ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা দিয়া হৈছে। নৱম শ্ৰেণীৰ নম্বৰসমূহ অন্তৰ্ভুক্তিৰ বাবে প'ৰ্টেলটো অহা ৩০ জুনলৈ ম...

May 30, 2024 2:15 PM

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। কামাখ্যা মন্দিৰৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাই আকাশবাণীৰ সংবাদদাতাক জনোৱা অনুসৰি ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। অম্বুবাচীৰ সময়ছোৱাত প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হয়। এইবাৰো এই মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে কামাখ্যা দেৱালয় অম্বুবাচী মেলা পৰিচালনা সমিতি গঠন কৰা হৈছে। অহা ২৬ জুনত অম্বুবা...

May 30, 2024 1:49 PM

মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত ৮৬ গৰাকী বিষয়া-কৰ্মচাৰীক কালি ভোট গণনাৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে...

May 28, 2024 7:57 PM

ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি ...