June 27, 2024 7:50 PM

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপৰ অংশ হিচাপে চাংসাৰি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বালিকা বিদ্যালয়ত নির্মাণ কার্য দ্রুত গতিত অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে আজি দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে যাৱতীয় পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে এই ৫০০খন বিদ্যালয় সৰ্বাংগসুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্...

June 27, 2024 7:46 PM

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩০ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে। লখিমপুৰত শিঙৰা নৈৰ ঢলে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। ইপিনে, তিনি...

June 27, 2024 7:41 PM

 জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে শিৱসাগৰ পৌৰসভাৰ অনলাইন গুগল শ্বীটৰ ব্যৱস্থা

শিৱসাগৰ পৌৰসভাই নগৰখনৰ জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অনলাইন গুগল শ্বীটৰ ব্যৱস্থা কৰিছে। পৌৰসভাক অধিক জনমুখী কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি পৌৰ কৰ্তৃপক্ষই এখন সংবাদমেলযোগে জানিবলৈ দিছে। এই গুগল শ্বীটৰ জৰিয়তে নগৰখনৰ ৰাইজে পৌৰ এলেকাৰ বাট পথ, নলা-নর্দমা, স্ট্রিট লাইট, জাৱৰ সংগ্ৰহ, খোৱাপানী আদিৰ লগতে পৌৰসভাৰ আওঁতাত থকা বিভিন্ন বিষয় সন্দৰ্ভত জনাৰ সুবিধা লাভ কৰাৰ লগতে তেওঁলোকৰ অসুবিধা তথা অভিযোগ দাখিল কৰিব পাৰিব বুলি সাংবাদিকক জানিবলৈ দিছে।

June 27, 2024 7:38 PM

ওদালগুৰিৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কামৰ শুভাৰম্ভ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ

ওদালগুৰি জিলাৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কাম আজি বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে শুভাৰম্ভ কৰে। বি টি আৰৰ পাঁচনৈ, চেৰফাং আৰু ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বাবে এই আঁচনিসমূহ সদস্যগৰাকীয়ে শুভাৰম্ভ কৰিছে। তেওঁ হাদাংগুৰি প্ৰাথমিক বিদ্যালয় চৌহদত এই উপলক্ষে আয়োজিত এখন সভাতো অংশগ্ৰহণ কৰে।

June 25, 2024 8:37 PM

মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযানত ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

বন বিভাগে মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযান চলাই দুটাকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কালিচৰণ বসুমতাৰী আৰু মাইছৰাং গয়াৰীৰ ঘৰত অভিযান চলাই বিভাগে চিকাৰত ব্যৱহাৰ দুটা হস্তনির্মিত বন্দুক, বন্দুকৰ কুণ্ডা, মৃত হৰিণাৰ শিং, কেটেলা পহুৰ কাঁইট, গুলী তৈয়াৰ কৰা যন্ত্ৰ, কিছু পৰিমাণৰ বিস্ফোৰক, ধনু কাঁড় আদি উদ্ধাৰ কৰে।

June 21, 2024 1:01 PM

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবাবু সিন্হা আৰু সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

June 21, 2024 12:51 PM

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰেপৰা ৩০ জুনলৈ...

June 21, 2024 12:37 PM

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীনঃ মুখ্যমন্ত্রী

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত কালি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত শেহতীয়াকৈ ২২ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৬৭টা ৰাজহ চক্ৰৰ এহেজাৰ ৩০০খনৰো অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰ...

June 21, 2024 12:32 PM

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়মিত যোগাভ্যাস শৰীৰৰ লগতে ব্যক্তিৰ মনৰো উৎকৰ্ষ সাধন কৰে। লগতে সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে অভিভাৱকসকলক নিজৰ সন্তানকো যোগসাধনাৰ বাবে অনুপ্রাণিত ...

June 18, 2024 8:19 PM

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰকাশ কৰি কয় যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াৰ পত্নীৰ বিয়োগৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত কৰে। এই ঘটনা অসম আৰক্ষী শোকস্তব্ধ হৈ পৰিছে বুলি শ্ৰী সিঙে মন্তব্য কৰে। উল্লেখযোগ্য যে ২০০৯ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া চেতিয়াই বিভিন্ন জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল৷