July 11, 2024 12:07 PM

টাটা টেকন’লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

● দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টাটা টেকন'লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত দক্ষতা বিকাশ উন্নত কৰাৰ উদ্দেশ্যে টাটা টেকন'ল'জিৰ সহযোগত ৬১ খন পলিটেকনিক্ তথা আই টি আই প্রতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীত কৰা হৈছে। এইসমূহৰ ভিতৰত ৫ খন প্রতিষ্ঠান ইতিমধ্যে মুকলি কৰা হৈছে। বৈঠকত বাকী থকা ৫৬ খন প্ৰতিষ্ঠানৰ প্ৰগতি পর্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে অহা ১৫ আগষ্টৰ পূৰ্বে ৬ খন পলিটেক...

July 11, 2024 10:05 AM

অসমতো অব্যাহত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী

● নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চি...

July 11, 2024 10:01 AM

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত; সম্প্ৰতি ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে

■ ৰাজ্যখনত বান পৰিস্থিতি কিছু উন্নত হ'লেও ৰাজ্যখনৰ ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৯০টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৫ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি পাইছে। ইফালে ২৪০টা আশ্রয় শিবিৰত ৪৮ হাজাৰতকৈ অধিক বন্যার্তই আশ্ৰয় লৈ আছে। এন ডি আৰ...

July 11, 2024 9:56 AM

ৰাজ্যৰ কেবিনেট বৈঠকত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি বৈঠকখনৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে, ৰাজ্যিক কৃষি বিপণন পৰিষদখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি এইকথা প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত পৰিষদৰ ৬১২ গৰাকী নিয়মীয়া কৰ্ম...

July 10, 2024 2:49 PM

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালকে আজি এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ্লিষ্ট পত্ৰখন ইতিমধ্যে বাতিল কৰা হৈছে। উল্লেখযোগ্য যে নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে পূৰ্বে জাৰি কৰা জাননীখনক লৈ চৰ্চা হোৱাৰ পৰিপ...

July 10, 2024 12:08 PM

মৰিগাঁৱত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠক

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ জিলা পৰ্যায়ৰ মহিলা সবলীকৰণ কেন্দ্ৰ, মৰিগাঁও আৰু পোষণ অভিযান, মৰিগাঁৱৰ উদ্যোগত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক কালি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগত কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ উপৰি সভাত মহিলা আৰু কন্যা শিশুৰ সুৰক্ষা আৰু সবলীকৰণৰ লগতে বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ এখন গুৰুত্বপূৰ্...

July 10, 2024 12:06 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনা...

July 10, 2024 12:02 PM

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুয়েও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী উপক...

July 10, 2024 11:50 AM

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্য ভাৰতত অহা ৪ দিনলৈ বিজুলী-ঢেৰেকণিৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

July 10, 2024 2:36 PM

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত যদিও বৰ্তমান ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে। ৯০ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। বানৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৪ টা পথ আৰু ৩ খন দলঙৰ লগতে অন্যান্য আন্তগাঁঠনিৰ ক্ষতি হৈছে। ইপিনে, যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী...