May 6, 2024 1:43 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ হ’বলগীয়া সমষ্টিসমূহত কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ‍ কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে, ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

April 22, 2024 5:51 PM

তৃতীয় পৰ্যায়ত ৫২ গৰাকী প্ৰাৰ্থীৰ বৈধ মনোনয়ন পত্ৰ হোৱাৰ বিপৰীতে ৮ গৰাকী প্ৰাৰ্থীৰ অবৈধ ঘোষণা

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ত চাৰিখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হোৱাৰ বিপৰীতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াকে ধৰি ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ অবৈধ ঘোষণা কৰা হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী আসনৰ পৰা বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দলটোৰ মিত্ৰজোঁট অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিজেপিৰ মিত্ৰজোঁট ইউ পি পি এলে কোকৰাঝাৰ আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ...