September 5, 2024 8:57 PM

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস উদযাপন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে টেঙাখাতৰ চিচিয়া বকুলনি ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দীপেন খনিকৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰে। শিক্ষক আৰু পিতৃ-মাতৃসকলে সন্তানক মহিলাৰ মৰ্যাদা ...