September 25, 2024 12:44 PM

ৰাজ্যৰ বিদ্যালয়সমূহত তৃতীয়-ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত ‘চৰিত্ৰ পাঠ’ৰ পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত

ৰাজ্যৰ বিদ্যালয়ৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত চৰিত্ৰ পাঠ শীৰ্ষক কিতাপখন পুনৰ প্ৰৱৰ্তন হ'ব। মূল্যবোধৰ শিক্ষাত গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে এখন মানৱীয়, সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আদিপাঠ হিচাপে এই গ্ৰন্থখনে যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিব। আনহাতে, শিক্...