September 7, 2024 7:47 PM

অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত

ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কার্যক্রম ডিব্ৰুগড়ৰ উদ্যোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এটা বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বেংগালুৰুৰ নাৰায়ণা হৃদয়ালয়াৰ ৬ জন বিশেষ শিশু চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউৰ লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হোৱা শিশুসকলৰ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰায় ৩০০ৰো অধিক শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন...

August 22, 2024 6:20 PM

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু অইল ইণ্ডিয়া লিমিটেডেৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত কাৰ্যসূচীৰ অধীনত এখন সুস্থ ভাৰত গঢ়াৰ পদক্ষেপৰ অংশ হিচাপে আজি অইল ইণ্ডিয়া লিমিটেডে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্যখনৰ স্বাস্থসেৱাৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ দ্বাৰা চিকিৎসা মহাবিদ্যালয়খনত ৮ কোটি ৯০ লাখ কোটি টকা ব্যয়ৰে ৰোগীৰ বাবে কেইবামহলীয়া কেবিন গৃহ নিৰ্মাণ কৰা হ'ব। অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰিছে।