April 26, 2024 8:51 PM

অসমলৈ কাইলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকার্জুন খাৰ্গে কাইলৈ বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দীপ বায়নৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে অসমলৈ আহিব। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ সৰভোগৰ ফুলগুৰিত আয়োজিত এই নির্বাচনী সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পূৰ্বে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এখন সংবাদ মেল সম্বোধন কৰে। শ্ৰীবৰাই অৰুণাচলত শৰণাৰ্থী হিচাপে থকা চাকমা-হাজংসকলক অসমত সংস্থাপন কৰিবলৈ বিচৰা হৈছে বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। এই সন্দৰ্ভত ...

April 24, 2024 8:34 PM

অহা ২৭ এপ্ৰিলত অসমলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই অহা ২৭ এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি এই কথা সদৰী কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্রার্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।