June 6, 2024 11:33 AM

ৰাজ্যৰ ৫গৰাকী বিধায়ক লোকসভালৈ নিৰ্বাচিত হোৱাত ৫টা বিধানসভা সমষ্টিত উপ-নির্বাচন হোৱাটো নিশ্চিত

অসমৰ ৫ গৰাকী বিধায়ক অষ্টাদশ লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত ৫টা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত এই সমষ্টিকেইটাত উপ-নির্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈছে।

May 6, 2024 1:43 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ হ’বলগীয়া সমষ্টিসমূহত কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ‍ কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে, ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 2, 2024 8:58 PM

ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত

ৰাজ্যৰ ৪টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত আছে। বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ বাবে জনসভা, সমাৱেশ আয়োজন কৰি প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ ধুবুৰীত প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰা জিলাৰ লালাবৰি আৰু বৰদামালত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ বিজে...

May 2, 2024 8:55 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

ৰাজ্যত তৃতীয় পৰ্যায়ত অহা ৭ মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ভোটগ্রহণ হ’বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লায়িং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। নির্বাচন হবলগীয়া ৪ টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নির্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোট...

May 2, 2024 10:51 AM

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে আজি ডা০ ৰণোজ পেগুৱে গুৱাহাটীৰ ভঙাগড়ত বিজয় সংকল্প সমাবেশত অংশ ল'ব। ইপিনে কালি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্...

April 29, 2024 8:25 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে আন দলসমূহৰ ব্যাপক প্ৰচাৰ, গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত উপস্থিত হয়। ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই তেওঁক বিমানবন্দৰতে আদৰণি জনায়। শ্রীশ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। তেওঁ গুৱাহাটীৰ চাইকেল ফেক্...

April 29, 2024 8:20 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্ৰতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০০৪ চনত কংগ্ৰেছ দ...

April 29, 2024 6:16 PM

কোকৰাঝাৰ লোকসভাৰ ৩টা বিধানসভা সমষ্টিত নির্বাচনী প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত নির্বাচনী প্ৰস্তুতিৰ বুজ লয়। গোসাঁইগাঁও আৰু বিজনীত শ্রীগোৱেলে নির্বাচনী বিভিন্ন কাম-কাজ পর্যালোচনা কৰাৰ লগতে চিৰাং আৰু ছিডলী নির্বাচনী জিলাৰ প্ৰস্তুতি সন্দৰ্ভত কাজলগাঁও জিলাৰ নিৰ্বাচনী বিষয়া পি বিজয় ভাস্কৰ ৰেড্ডী আৰু আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ লগতে অন্যান্যসকলৰ সৈতে আলোচনা কৰে। বৈঠকৰ অন্তত মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে চাৰি...

April 26, 2024 8:54 PM

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত ৭০ শতাংশৰো অধিক ভোটদান

ৰাজ্যৰ ৫টা সমষ্টিত আজি শান্তিপূর্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰি থকা হৈছে। বিয়লি ৫ বজাপর্যন্ত ৰাজ্যখনত ৭০ শতাংশৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা ৭ বজাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হৈছে বুলি আমাৰ সংবাদাতাসকলে জানিবলৈ ...

April 26, 2024 6:53 PM

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২গৰাকী মহিলা প্রার্থীসহ ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২গৰাকী মহিলা প্রার্থীসহ মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক ২৪ গৰাকী, নগাঁৱত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োৱে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে, শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰ...