August 22, 2024 7:21 PM

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত

বিৰোধীৰ দুবাৰকৈ সদন ত্যাগ, সদন স্থগিত প্ৰস্তাৱ উত্থাপনৰ মাজেৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ মাজতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্রশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সকলো ধৰণৰ চাকৰিত এতিয়াৰেপৰা চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বিষয়ে ঘোষণা কৰে। চাহ-বাগিচা অঞ্চলৰ বাট-পথৰ উন্নয়নৰ বাবে ৯০০ কোটি টকা ধাৰ্য ...

August 20, 2024 8:02 PM

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে ৷ ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ ২৭৩টা। আনহাতে ছামগুৰি সমষ্ট...

June 28, 2024 7:57 PM

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শাসিত পৰিষদসমূহক শক্তিশালী আৰু কৰ্মদক্ষ কৰা, কামকাজ পৰিচালনা শৃংখলিত কৰাৰ বাবে বিধি প্ৰস্তুত কৰা, পৰিষদসমূহৰ বিভাগীয় কামকাজসমূহ সহজে আৰু আইন অনুসৰি সম্পন্ন কৰাৰ বাবে বিধি প্ৰস্তুত কৰা আদি উদ্দেশ্যেৰে এ...