September 7, 2024 7:24 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত সমিতিৰ পৰামৰ্শৰ ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিয়ে দিয়া পৰামৰ্শৰ ভিতৰত ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে সমিতিয়ে দিয়া ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫টা প্রক্রিয়াগত হিচাপে বিবেচনা কৰা হৈছে। আনহাতে, কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়েৰে সহমতৰ প্ৰয়োজন। এনেধৰণৰ কেইটামান পৰামৰ্শ ৰূপা...

September 6, 2024 1:29 PM

এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

ৰাজ্য চৰকাৰে এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোম্পানীটোৰ অধীনস্থ টিংখাং আৰু ৰাজগড় চাহ বাগিচাকে ধৰি ৰাজ্যখনৰ কেইবাখনো বাগিচাত কৰ্তৃপক্ষই কৰ্মচাৰীৰ দৰমহা, শ্ৰমিকৰ মজুৰি আৰু ৰেচন আদায় দিব নোৱৰাৰ ফলত বাগিচাকেইখনত উদ্ভৱ হোৱা অচলাৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পৰৱৰ্তী ১০ দিনৰ ভিতৰত শ্রমিক সংগঠনসমূহৰ...

September 5, 2024 9:02 PM

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্রহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আ...

September 5, 2024 7:06 PM

অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ ৰোগ চিনাক্তকৰণ কৰি ১০০ শতাংশ অনুদানমূলক চিকিৎসা সেৱা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অ...

September 5, 2024 6:10 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

September 5, 2024 12:49 PM

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষার্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আ...

September 3, 2024 12:27 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সনৰ বাবে আবেদন আহ্বান

ৰাজ্য চৰকাৰৰ ২০২৪-২৫ বিত্তিয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে শিল্পীসকলৰপৰা প্ৰয়োজনীয় প্ৰমাণপত্ৰ সহ আবেদনপত্ৰ বিচৰা হৈছে। সাংস্কৃতিক সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি আবেদনপত্ৰ www.directorculture.assam.gov.in www.silpisammanassam.comত কালিৰে পৰা উপলব্ধ হৈছে। আবেদনপত্ৰসমূহ ১৫ অক্টোবৰৰ ভিতৰত দাখিল কৰিবলৈ জাননীত উল্লেক কৰা হৈছে। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইন যোগে দাখিল কৰা আবেদন গ্রহণ যোগ্য বুলি বিবেচনা কৰা নহ'ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনৰ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থক...

September 2, 2024 7:45 PM

অহা ১৫ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ৩,১২৭ পদৰ বাবে লিখিত পৰীক্ষা

উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ প্ৰৱেশপত্ৰ আজিৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে। সংশ্লিষ্ট প্রার্থীসকলে www.assam.gov.in আৰু www.site.sebaonline.org ৱেবছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰা অনুসৰি অহা ১৫ ছেপ্তেম্বৰত তিনি হাজাৰ ১২৭ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২ হাজাৰ ৬০০ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এ...

August 21, 2024 12:23 PM

ৰাজ্য চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব

■ অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব। এই প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য আগবঢ়াব। অসমৰ স্থায়ী বাসিন্দা ছাত্র-ছাত্রীয়েহে এই সুবিধা লাভ কৰিব পাৰিব । আঁচনিখনৰ অধীনত উপকৃত হোৱাৰ বাবে অনুমোদিত শিক্ষা ঋণৰ পৰিমাণ ন্যূনতম ২ লাখ টকা হ'ব লাগিব। আনহাতে, এই আচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভ গ্রহণ কৰিব পাৰিব। জন প্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্...

August 18, 2024 11:59 AM

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ কৰা হৈছে। এই যোজনাৰ অধীনত অসমে এতিয়ালৈকে ২০ লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনকল্যাণক অগ্রাধিকাৰ দি এনে আঁচনিৰ জৰিয়তে ক্ষিপ্ৰ উন্নয়ন সম্ভৱ কৰি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে।