July 21, 2024 12:01 PM
শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন শিক্ষক সন্থাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স কক্ষত কাইলৈ শিক্ষা সেতু এপ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। শিক্ষা সেতু এপৰ ওজৰ আপত্তি সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি ৮টা শিক্ষক সংগঠনৰ প্ৰতিনিধিক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত এখন তিনিজনীয়া সমিতি গঠন কৰি দ...