July 2, 2024 1:03 PM

প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ এহেজাৰ ২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আছে। বৰ্তমানলৈকে ৰাজ্যত ১৩৬ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে আৰু ইয়াত ৮ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। বিভিন্ন ঠাইত বাঢ়নী পানীয়ে কেইবাটাও পথ খহাই নিয়াৰ লগতে বিভিন্ন ঠাইত পথৰ ও...

July 1, 2024 12:46 PM

ৰাজ্যৰ শেহতীয়া বানত ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানত কালি দুজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে। আনহাতে, ব্ৰহ্মপুত্ৰকে ধৰি পাঁচখন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ১০খন নৈৰ পানীয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে। ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৬ টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। কঁহৰা বনাঞ্চলৰ তিনিটা, অগ...

June 30, 2024 7:05 PM

ৰাজ্যৰ ৭ খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত, প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৭খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত পৰিছে। তথ্য অনুসৰি বানত প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰৰ জলন্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। কঁহৰা বনাঞ্চলৰ আমিৰা আৰু অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ প্লাবিত হৈছে। ইপিনে, দেৰগাঁৱৰ চৰাই চাপৰি, নামাৰি, আবানি, শগুণ পাৰাকে ধৰি কেইবাখনো গাঁৱত বানে জটিল ৰূপ ধাৰণ কৰিছে। বানত কেইবাটাও মূল পথ বুৰ যোৱাত বন্যার্তই যাতায়তৰ ক্ষ...

June 30, 2024 11:37 AM

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। এই বানত প্রায় ৮৫ হাজাৰ পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপ নৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈব ...

June 28, 2024 8:02 PM

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰাজহ চক্ৰত ৭১খন গাঁও, কৰিমগঞ্জ সদৰ চক্ৰৰ অন্তৰ্গত ৮৭খন গাঁও, বদৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৫খন আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১খন গাঁও পানীত বুৰ গৈছে। তাৎপর্যপূর্ণভাৱে এইবাৰৰ ভয়াবহ বানৰ ফলত জিলাখনৰ...

June 28, 2024 12:35 PM

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ যদিও সম্প্ৰতি বিভিন্ন অঞ্চল বানৰ কবলত আছে

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও এতিয়াও ৭ খন জিলাৰ ৪১৯খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এইবাৰৰ বানত ১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২৩ টা আশ্রয় শিবিৰত প্ৰায় ১৬ হাজাৰ লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে। কামৰূপ, কৰিমগঞ্জ, কাছাৰ, দৰং, বৰপেটা, লখিমপুৰ আৰু ধেমাজি জিল...

June 27, 2024 7:46 PM

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩০ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে। লখিমপুৰত শিঙৰা নৈৰ ঢলে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। ইপিনে, তিনি...

June 25, 2024 7:07 PM

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১০খন জিলাৰ ৬৩১ খন গাঁৱৰ এক লাখ ৭০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ১৩ হাজাৰতকৈও অধিক ক্ষতিগ্রস্ত লোকক সহায় কৰিবৰ বাবে ১০২টা আশ্রয় শিবিৰ আৰু ৩৮টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত ২১ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে।

June 25, 2024 1:13 PM

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৯খন জিলাৰ ২২ টা ৰাজহ চক্ৰৰ ৭৯৩ খন গাঁৱৰ ২ লাখ ৪ হাজাৰ ৮৯৬ গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত ১৭ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে। আনহাতে, এই বানত ৪ হাজাৰ ২৭৪ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈ আছে। বানৰ কবলত পৰা লোকৰ বাবে ১০৭টা আশ্রয় শিবিৰ আৰু ১০৪টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। ইফালে, কুশিয়াৰা নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত বৈ আছে। কালি কাছাৰ জিলাৰ এজন লোকৰ বানপানীত মৃত্যু হয়। ইফালে জলসম্পদ বিভাগ আৰু কৰিমগঞ্জ জি...

June 23, 2024 12:20 PM

অসমৰ ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ ১০০০ৰো অধিক গাঁও বানৰ কবলত

 বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাষাৰ বৰষুণৰ পাছত বতৰ ফৰকাল হৈছে যদিও অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ আছে। কপিলী আৰু কুশিয়াৰাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত আছে। শেহতীয়া তথ্য অনুসৰি ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ এহেজাৰৰো অধিক গাঁও বানৰ কবলত আছে। এই বানত ৰাজ্যৰ ৩লাখ ৫৩হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২০টা আশ্রয় শিবিৰত ১৫ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। আনহাতে ১২৫ টা সাহায্য বিতৰণ কেন্দ্ৰত অত্যাৱশ্যকীয় সামগ্রী বিতৰণ কৰি থকা হৈছে। ইফালে ৰাজ্যৰ জলসম্পদ ত...