July 12, 2024 9:37 AM

ৰাজ্যত বানৰ ফলত বৰ্তমানলৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে

■ ৰাজ্যত বানৰ ফলত এতিয়ালৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰনে প্ৰকাশ কৰা মতে, নগাঁও জিলাৰ বান পৰিস্থিত জটিল হৈ আছে। জিলাখনত ২০ হাজাৰ ৬১২টি শিশুসহ প্রায় ৭৯ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নী পানীয়ে নগাঁও জিলাৰ ৬টা ৰাজহ চক্ৰৰ অধীনৰ ১৮৪ খন গাঁও আৰু ১৮ হাজাৰ ২৩১.৮ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে। এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্রকাশ ক...

July 11, 2024 1:10 PM

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বানত ৫জন লোকে প্ৰাণ হেৰুৱাইছে

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। প্ৰায়বোৰ নৈৰ জলস্তৰ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত ৫জন লোকে প্ৰাণ হেৰুৱায়। এইবাৰৰ বানত ৰাজ্যখনৰ কৃষিভূমি, কৃষি, পুখুৰীৰ লগতে পথ, দলং আৰু কালভার্ট আদি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পানীৰ সোঁতে বহু দলং ভগা পথ আৰু মথাউৰি উটুৱাই নিয়ে। পৰিস্থিতি কিছু উন্নত হ'লেও ৰাজ্যখনৰ ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। জিলা প্রশাসনসমূহে ক্ষতিগ্রস্ত লোকসকলক খাদ্যৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ...

July 10, 2024 2:36 PM

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত যদিও বৰ্তমান ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে। ৯০ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। বানৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৪ টা পথ আৰু ৩ খন দলঙৰ লগতে অন্যান্য আন্তগাঁঠনিৰ ক্ষতি হৈছে। ইপিনে, যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী...

July 9, 2024 8:45 PM

অসমৰ ২৭ জিলাৰ ৯১টা ৰাজহ চক্ৰৰ ৩,১০০ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত

বান ক্ষতিগ্রস্ত অসমত সাহায্য আৰু পুনৰসংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্রীয় শক্তি, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি গুৱাহাটীত প্ৰকাশ কৰিছে। উত্তৰ-পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ৰাজ্যখনত বানত হোৱা ক্ষয়- ক্ষতিৰ ম...

July 8, 2024 8:18 PM

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা ...

July 8, 2024 6:41 PM

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰ...

July 8, 2024 6:28 PM

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰ...

July 7, 2024 6:51 PM

ৰাজ্যৰ ২৯ খন জিলাৰ প্ৰায় ২৪ লাখ লোক বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৯ খন জিলাৰ প্ৰায় ২৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। আনহাতে, বিগত ২৪ ঘণ্টাত আৰু ৬ জন লোকে প্ৰাণ হেৰুৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ১০৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৫০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে বিগত ২৪ ঘণ্টাত বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিমাতিঘাট, তেজপুৰ, ধুবুৰী...

July 7, 2024 11:30 AM

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত অঞ্চল পৰিদৰ্শন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই মাজুলী সমষ্টিৰ অন্তৰ্গত কেকেৰ আৰু কাচিকটা অঞ্চলৰ বান পৰিস্থিতি তথা খহনীয়া পৰিদৰ্শন কৰে। বানৰ বাবে হোৱা অঞ্চলটোৰ ক্ষয়-ক্ষতি আৰু আন অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ ৰাইজক সম্ভাৱ্য সকলোখিনি সহায়...

July 7, 2024 11:24 AM

অসমৰ বান পৰিস্থিতি শোচনীয়; অহা চাৰিটা দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ আশংকা

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈয়ে আছে। ঠায়ে ঠায়ে বানৰ প্ৰকোপ কিছু হ্রাস পালেও বানপীড়িতৰ দুৰ্দশা আঁতৰা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত অহা চাৰিটা দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রইও আজি নামনি অসমৰ বিভিন্ন স্থানত বৰষুণ আহিব বুলি আগলি বতৰা দিছে। ফলস্বৰূপে ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলিও আশংকা কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধ...