August 19, 2024 8:06 PM
মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ
ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত মহাধিবক্তা দেৱজিৎ শইকীয়াই প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে। শীঘ্ৰেই বিদেশী প্রতিষ্ঠানটোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আজি আদালতত এখন শপতনামাও দাখিল কৰে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা আৰু অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এ...