June 4, 2024 12:21 PM

অসমৰ বিভিন্ন সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পর্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিত নিৰ্বাচনী জিলা বিশেষে তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে। সম্প্রতি বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্রার্থী মাধৱ ৰাজবংশীতকৈ ৭২ হাজাৰ ভোটত আগবাঢ়ি আছে। আমাৰ সংবাদদাতাই দিয়া শেহতীয়া ...

June 4, 2024 11:23 AM

অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্ৰায় ১৭ হাজাৰ ভোটত আগবাঢ়ি আছে। বৰপেটা সমষ্টিত এন ডি এৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছ প্রার্থী দ্বীপ বায়নতকৈ ১২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি ...