May 6, 2024 1:52 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে ৰাজ্যত তৃতীয় পৰ্যায়ত কাইলৈ হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব । Read More: ৰ...

April 28, 2024 7:20 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে শাসক-বিৰোধীৰ  প্ৰচাৰ অভিযান অব্যাহত

লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্রগতিত অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী জনসভাত সম্বোধন কৰি ড° শৰ্মাই কয় যে, বিজেপি আৰু ইউ পি পি এলৰ সন্মিলিত প্রচেষ্টাত বিটিআৰত শান্তিৰ পৰিবেশ বিৰাজ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উন্নয়ন সম্ভৱপৰ হৈছে বুলিও ড° শৰ্মাই দাবী কৰে। বাওখুংগ্ৰী আৰু পাৰ্বতীঝোৰাত নিৰ...

April 27, 2024 7:16 PM

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে । সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্ৰতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০০৪ চনত কংগ্ৰেছ দ...

April 26, 2024 11:37 AM

নিৰ্বাচনী প্ৰচাৰৰ বাবে কাইলৈ অসমলৈ আহিব মল্লিকার্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই কাইলৈ অসমলৈ আহিব। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।

April 25, 2024 7:25 PM

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ হাজোত মাৰাথন প্ৰচাৰ অভিযান চলায়। তেওঁ হাজো অঞ্চলৰ বিভিন্ন ঠাইত ৫টাকৈ নিৰ্বাচনী কার্যালয় উদ্বোধন কৰাৰ লগতে কেইবাখনো জনসভাত ভাগ লয়।

April 20, 2024 12:13 PM

কৰিমগঞ্জত আজি দুখন নির্বাচনী সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ পাথাৰকান্দি সমষ্টি ইছাবিল ময়দানত দুপৰীয়া ১২ বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া ১ বজাত নির্বাচনী সভাত অংশ ল'ব। ইপিনে, বিয়লি ৫ বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ শর্মাই হাইলাকান্দিতো এটা ৰোড শ্ব’ত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে, কংগ্ৰেছকে ধৰি আন আন দলেও বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

April 17, 2024 11:17 AM

অসমত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব । ভোটগ্রহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নিৰ্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা...

April 16, 2024 5:49 PM

দেশৰ বাকী অংশৰ লগতে অসমতো ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰী মোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ...