September 14, 2024 7:02 PM

অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্ত গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। অলপতে অবৈধ অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাখনো এজাহাৰ ৰুজু হৈছে আৰু বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমানলৈকে এই কেলেংকাৰী সংক...

September 14, 2024 7:00 PM

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা অনুমোদন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমোদন দিছে। সিদ্ধান্ত অনুসৰি কোকৰাঝাৰত ১০৭ কোটি টকা ব্যয়ৰে ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। ৰাজ্য চৰকাৰে ১৯ ছেপ্তেম্বৰৰ পৰা দুখন আঁচনি আৰম্ভ কৰিব। ইয়াৰে প্ৰথমখনৰ জৰিয়তে ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয় আঁচনিত...

September 6, 2024 1:34 PM

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে মুখ্যমন্ত্রীৰ ১৫ কোটি টকা অনুমোদন

লখিমপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱা বিষয়টোত উৎফুল্লিত হৈ পৰিছে গুৰুজনাৰ অনুগামী ভকত-বৈষ্ণৱসকল। উল্লেখযোগ্য যে যোৱা ৩ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ জন্মস্থান পৰিদৰ্শন কৰি উপস্থিত ৰাইজক শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ দৰে অনিৰুদ্ধ দেৱৰ ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ডº শৰ্মাই লগতে কৈছিল যে ফেব্ৰুৱাৰী- মাৰ...

September 4, 2024 7:15 PM

লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। চাৰিদিনীয়া ভ্রমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতিত নির্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ২২ বিঘা মাটিত নিৰ্মাণ কৰি থকা এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ আন জিলালৈ যাতায়াত ব্যৱস্থাত আন এক সংযোজন ঘটিব। মুখ্যমন্ত্ৰীগৰাকীয়...

August 14, 2024 11:57 AM

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে বিধানসভাৰ অধিৱেশনত বিধেয়ক উত্থাপন কৰা হ’ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত

নগৰাঞ্চলত জলাশয় সংৰক্ষণৰ বাবে অসম বিধানসভাৰ অনাগত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। কালিৰ বৈঠকতে আছাম আৰবান ৱাটাৰ বডিজ প্রিজার্ভেচন এণ্ড কনজার্ভেচন বিল ২০২৪ৰ খচৰাত অনুমোদন দিয়া হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি কয় যে নগৰাঞ্চলৰ কৃত্ৰিম বান ৰোধ কৰাৰ লগতে ভূ-জল সংৰক্ষণৰ উদ্দেশ্যে এই বিধেয়কখন আনিবলৈ বিচৰা হৈছে। প্ৰাকৃতিক জলাশয়বোৰৰ উপৰি ব্যক্তিগত বা ধর্মীয় অনুষ্ঠান আদিৰ মালিকানাধীন ৬ বিঘাতকৈ...

July 31, 2024 7:22 PM

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেটৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেটত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক পৰিচালনাৰ বাবে থকা গ্ৰাম্য পৰিষদৰ তথা গ্ৰাম্য উন্নয়ন পৰিষদসমূহত মুঠ ৪৭৬টা সচিব পদৰ বাবে অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক জানিবলৈ দি কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ পোৱা গৈছিল আৰু সেয়েহে এইবাৰ এইক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব। অৰুণোদয় থ্রীত প্রায় ৪৭ লাখ হিতাধিকাৰীক সামৰি লোৱা ল'ব। তেওঁ লগতে কয় যে...

July 10, 2024 7:27 PM

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম মন্ত্ৰীসভাৰ বৈঠকে আজি ২০১৬–১৭ চনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা আপোন ঘৰ আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ পৰিমাণৰ ৩০ লাখ টকালৈ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত ৩৭ হাজাৰ ২৭৭ গৰাকী কৰ্মচাৰীয়ে ঋণ লৈছে। দিছপুৰত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, আপোন ঘৰ আঁচনিৰ অধীনত পূৰ্বে ১৫ লাখ টকাকৈ এই কৰ্মচাৰীসকলে মুঠ ৫ হাজাৰ ৬৬৩ কোটি টকা ঋণ লৈছিল। এতিয়াৰ পৰা কৰ্মচাৰীসকলে ৩০ লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব আৰু ইয়াৰ এক শতাংশকৈ সুদ ৰাজ্য চৰকাৰে আদ...

July 4, 2024 1:14 PM

দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত শেহতীয়া বান পৰিস্থিতি সম্পর্কে আলোচনাৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কালি নিশা মুখ্যমন্ত্রীয়ে এখন সংবাদ মেল সম্বোধন কৰি অনুসুচীত জাতি আৰু জনজাতিৰ চাকৰি প্রত্যাশীসকলক প্রতিযোগিতামূলক পৰীক্ষাত উৎসাহ প্রদান, বৃক্ক ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন চিকিৎসা প্রদান তথা কৰ্কট ৰোগৰ বিশ্বমানৰ প্ৰতিষ্ঠানৰ সুবিধাকে ধৰি বিভিন্ন বিষয়ত কেইবাটাও সিদ্ধান্ত গ্ৰহণ ক...

June 23, 2024 7:22 PM

২৬ জুনত নলবাৰীত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অহা ২৬ জুনত নলবাৰীত অনুষ্ঠিত হ'ব। দিছপুৰৰ বাহিৰত হ'বলগীয়া চতুৰ্দশ মন্ত্ৰীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। এই উদ্দেশ্যে আজি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্রস্তুতি বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলা প্ৰশাসন আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেবিনেট বৈঠক সন্দৰ্ভত যাৱতীয় পৰিকল্পনা গ্রহণ কৰা হয়।

June 20, 2024 12:00 PM

ৰাজ্যত নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন; ৩০ আগষ্টৰ পূর্বে পঞ্চায়তসমূহৰ আৰু ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ব্লকসমূহৰ পুনৰ নিৰ্ধাৰণ

ৰাজ্যত অহা নৱেম্বৰৰ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত ইতিমধ্যে বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু উন্নয়ন খণ্ডসমূহৰো পুনৰ গঠন কৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ৩০ আগষ্টৰ পূর্বে পঞ্চায়তসমূহৰ আৰু ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ব্লকসমূহৰ পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব। কেবিনেট ...