September 16, 2024 5:57 PM

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। মন্ত্ৰী শ্ৰীবৰাই বোকাখাটত অনুষ্ঠানটিত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ সা-সুবিধাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পর্যালোচনা বৈঠকত জিলাখন...

September 11, 2024 1:26 PM

শিৱসাগৰত কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ

শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। জিনা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আমগুৰিত এই পদ্ধতিবে কৃষি কৰ্ম আৰম্ভ কৰা এটা পলি হাউছত পুলি ৰোপণ কৰি কৃষি কৰ্মৰ শুভাবম্ভ কবে। জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৫৫ টা পলি হাউছ নিৰ্মাণ কৰা হৈছে।

September 5, 2024 8:10 PM

শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱৰ বাবে বহুসংখ্যক কৃষকে সমস্যাৰ সন্মুখীন হৈছে। কৃষি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। তেওঁ কৃষকসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখি ...

September 5, 2024 7:06 PM

অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ ৰোগ চিনাক্তকৰণ কৰি ১০০ শতাংশ অনুদানমূলক চিকিৎসা সেৱা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অ...