September 24, 2024 7:38 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত কাইলৈ আছুৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক কাইলৈ সাক্ষাৎ কৰিব। মুখ্যমন্ত্রীয়ে কয় যে, এই বিষয়ত সংগঠনটো নেতৃবৃন্দৰ সৈতে হ'বলগীয়া আলোচনালানি কাইলৈ আৰম্ভ হ'ব। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সংগঠনটোৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পাছত অন্য সংগঠনৰ সৈতেও আলোচনা কৰিব। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন সমিতিয়ে ১৯৭১ চনৰ পাছত অসমলৈ অহা বুলি ...