July 24, 2024 10:41 AM

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালক ৮২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে ১৭৯ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯৬ ৰাণ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দিপ্তী শৰ্মাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ৰাধা যাদৱ আৰু অৰুন্ধতী ৰেড্ডীয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্বেফালি বাৰ্মাৰ ৮১ আৰু দয়ালন হেমলতাৰ ৪৭ ৰাণৰ সহায...

July 18, 2024 5:29 PM

কাইলৈৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন কাইলৈ গ্রুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ ‘এ’ত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংক...