September 6, 2024 7:21 PM
ভাৰত-জাপান ডিজিটেল সম্পর্ক অধিক শক্তিশালী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু জাপানৰ ডিজিটেল পৰিৱৰ্তন মন্ত্ৰী তাৰ’ কোনোৰ আলোচনা
তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি টকিঅ’ত জাপানৰ ডিজিটেল পৰিৱৰ্তন মন্ত্ৰী তাৰ’ কোনোৰ সৈতে বৈঠকত মিলিত হৈ ভাৰত-জাপান ডিজিটেল সম্পর্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই ডিজিটেল পটভূমিৰ লগতে প্ৰযুক্তিগত উন্নয়ন খণ্ডত উদ্ভাৱন আৰু সহযোগিতাৰ বিভিন্ন দিশ অন্বেষণ সন্দৰ্ভত বিষদভাবে আলোচনা কৰে। ইয়াৰ পূৰ্বে শ্ৰী বৈষ্ণৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা মাছাফুমি মৰিৰ সৈতে ভাৰত আৰু জাপানৰ মাজৰ কৌশলগত অংশিদাৰিত্বই ভৱিষ্যৎ গতিপথ সন্দৰ...