August 25, 2024 7:04 PM

গুৱাহাটীৰ ফাঁচীবজাৰৰ নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল গুৱাহাটীৰ ফাঁচীবজাৰ অঞ্চলত ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থাই আয়োজন কৰা নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত উপস্থিত থাকে। এই শিবিৰত ৰাজ্যৰ ২৬৫ গৰাকী দিব্যাংগ লোকে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সংস্থাটোৱে প্ৰদৰ্শন কৰা সামাজিক দায়বদ্ধতাই ৰাজ্যৰ দিব্যাংগ লোকসকলক মৰ্যদাসহ জীয়াই থকাত সহায় কৰিব।

August 11, 2024 7:35 PM

ঢেকীয়াজুলীত মন্ত্রী অশোক সিংহালৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ

গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংহালে আজি ঢেকীয়াজুলীৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাগদৰ্শনত অসম চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ যুৱতীৰ সৱলীকৰণ সম্ভৱপৰ হৈ উঠিব বুলি শ্রী সিংহালে আশা প্রকাশ কৰে। তেওঁ কয় যে, নিযুত ম‍ইনা আঁচনিয়ে কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আর্থিক বৰঙণি যোগোৱাৰ জৰিয়তে সমাজৰ পৰা বাল্য বিবাহৰ দৰে অশুভ পৰম্পৰাসমূহ আঁতৰ কৰাত সফল হ'...

July 23, 2024 9:47 AM

নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলি মন্ত্রী অশোক সিংহলৰ ঘোষণা

মন্ত্রী অশোক সিংহলে অহা নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে। এই পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখা দিয়া পানীৰ সংকট হ্ৰাস পাব বুলি আশা কৰা হৈছে। জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ ১৫ হেজাৰ পৰিয়ালক নলযোগে পানী যোগান ধৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সোণাইঘূলি আৰু নৰকাসুৰত থকা পানীৰ প্ৰকল্পৰ জৰিয়তে আগন্তুক সময়ছোৱাত গুৱাহাট...

June 28, 2024 12:28 PM

দেশৰ ব্যৱসায়ীসমাজৰ লাভালাভৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জি এছ টি প্ৰৱৰ্তন কৰা হৈছিলঃ অশোক সিংহল

যোৱা ১৯ জুনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত কার্যকৰীকৰণৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্ত মন্ত্রী অজন্তা নেওগে কালি বঙাইগাঁৱৰ অসম আৰক্ষী অভিৱৰ্তন কেন্দ্ৰত এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত সামগ্ৰী আৰু সেৱা কৰ বিষয়ত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যাৱসায়িক সংস্থাসমূহৰ সৈতে আলোচনা কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এয়া আছিল দ্বিতীয়খন বৈঠক। অনুষ্ঠানত জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ী...

June 10, 2024 8:08 PM

জনতা ভৱনত অশোক সিংহালৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মিছন বানমুক্ত গুৱাহাটী, মিছন অঙ্কুট, স্বচ্ছ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশ লয়। বৈঠকখনত শ্ৰী সিংহালে বিভাগীয় বিষয়াসকলৰ পৰা বিভিন্ন প্ৰকল্পৰ কামকাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। শেহতীয়াকৈ সাগৰীয় ঘূর্ণি বতাহ ৰীমালৰ প্ৰভাৱত গুৱাহাটী মহানগৰীত হোৱা অস্বাভাৱিক বৰষুণ আৰু তাৰ ...