September 13, 2024 5:38 PM
অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আদালতে ১০ লাখ টকাৰ চৰ্তসাপেক্ষ বন্দৰ বিনিময়ত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। এই ঘটনা সন্দৰ্ভত শ্ৰী কেজৰিৱালে যাতে কোনোধৰণৰ ৰাজহুৱা মতামত প্ৰকাশ নকৰে, তাৰবাবে উচ্চতম ন্যায়ালয়ে শ্রী কেজৰিৱালক চৰ্ত বান্ধি দিছে। ইয়াৰ লগতে পৰৱৰ্তী শুনানিসমূহত তেওঁ উপস্থিত থাকিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু...