August 17, 2024 11:23 AM

সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়াক দুর্নীতি নিবাৰক শাখাৰ গ্ৰেপ্তাৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া খুৰচিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক দুর্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে সহকাৰী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নলবাৰীৰ কলাফকিৰতোলাত অৱস্থিত বাসগৃহত কালি সন্ধিয়া অভিযান চলায়। উল্লেখ্য যে কালি দিনৰ ভাগত দুর্নীতি নিবাৰক শাখাই সৃজনগ্রাম উন্নয়ন খণ্ডত অভিযান চলাই খণ্ড উন্নয়ন বিষয়া আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া দুগৰাকীক উৎকোচ লোৱা অৱস্থাত হাতে-লোতে ধৰা পেলায়। আঁচনিৰ বিল পাছ কৰি দিয়াৰ বাবদ খণ্ড উন্নয...

May 27, 2024 7:21 PM

জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ

ৰে'লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে ৰে'লযোগে জালনোট সৰবৰাহৰ আন এটা প্ৰচেষ্টা আজি প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। আৰ পি এফৰ এটা দলে কামাখ্যা ৰে'লৱে ষ্টেচনত ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই আজি জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ নিবাসী ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা আৰ পি এফে ৫ লাখ ৭১ হাজাৰ ৫০০ টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জালনোটসমূহ সৰবৰাহকাৰী কেইজনে ক'ৰ পৰা আনিছিল সেই সন্দৰ্ভত ৰে'লৱে আৰক্ষীৰ দলটোৱ জেৰা অব্যাহত ৰাখিছে।

May 27, 2024 6:34 PM

পুণেত প্ৰতিবেদন সালসলনি কৰাৰ অভিযোগত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰ গ্ৰেপ্তাৰ

পুণে আৰক্ষীয়ে মহানগৰখনৰ কল্যাণী নগৰত অলপতে সংঘটিত এটা পথ দুৰ্ঘটনাৰ গোচৰ সন্দৰ্ভত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ফৰেণছিক বিভাগৰ মুৰববী ডাঃ অজয় টাৱাৰে আৰু ডাঃ শ্ৰীহৰি হাৰলোৰ বুলি জানিবলৈ দিছে। পঞ্জীয়ন নথকা এখন গাড়ীৰে এটা কিশোৰে সুৰামত্ত অৱস্থাত পথ দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত দুগৰাকী যুৱ ইঞ্জিনীয়াৰ মৃত্যু হোৱাৰ ঘটনাৰ গোচৰ সন্দৰ্ভত কিশোৰটোৰ তেজৰ নমুনা সলনি কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। কিশোৰটোৰ তেজৰ নমুনা ছেছুন চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছত তেজ...

May 13, 2024 8:29 PM

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে উৎকোচ লোৱা অৱস্থাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ এজন লোকৰ পৰা বিলৰ ধন মোকলাই দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰ পৰা খাপ পিতি থকা তদন্তকাৰী দলে অভিযন্তা গোস্বামীক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পাছত তদন্তকাৰী দলে অভিযুক্তৰ হেঙেৰাবাৰীৰ বাসগৃহত অভিযান চলাই প্রায় ৮০ লাখ টকা উদ্ধাৰ কৰে।

April 25, 2024 11:14 AM

আছাম ৰাইফলছৰ কনভয়ত সংঘটিত আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত ৩জন ব্যক্তিক গ্ৰেপ্তাৰ

অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত নিষিদ্ধ উগ্রপন্থী সংগঠন আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীৰ বিবৃতি অনুসৰি আছাম ৰাইফলছৰ ৩১ আৰু ২৩ নম্বৰ বেটেলিয়নে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি মানখুল মোছা, মাননং মোছাং আৰু ঝোনৱাং হাকুম নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই আটাইকেইজনেই অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা বুলি প্ৰকাশ কৰা হৈছে। যোৱা ১৬ এপ্ৰিলৰ পুৱা প্ৰায় ৮ বজাত চাংলাং পথৰ কাষৰ মাকুম্পান...