June 16, 2024 8:00 PM
কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীর্ষক সন্মিলন
কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিব। এই তিনিওখন আইন কার্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেও সুবিচাৰ লাভ কৰিব। উল্লেখযোগ্য যে, অহা জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয়...