September 11, 2024 1:21 PM

অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ ৰাজ্য চৰকাৰৰ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্রতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্রক্রিয়া নিশ্চিতকৰণৰ অর্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূর্বে প্রশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্রী কৰা, সমাধান কৰা, প্রশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰী...

July 25, 2024 8:34 PM

কাইলৈৰ পৰা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। ২৩৫টা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত দুহেজাৰ ৮৯৮গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে আবেদন জনায়। এই পৰীক্ষা হ'বলগীয়া ২৩৫টা পদৰ ভিতৰত অসম অসামৰিক সেৱাৰ ৪৫টা, অসম আৰক্ষী সেৱাৰ ৩৫টা আৰু অসম বিত্ত সেৱাৰ ১৩টা পদ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ...

July 23, 2024 7:39 PM

অসম লোকসেৱা আয়োগৰ ৩২ জন অভিযুক্তৰ বিশেষ ন্যায়াধীশৰ আদালতৰ অহা ২৯ জুলাইত ৰায়দান

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি গোচৰত দোষী সাব্যস্ত হোৱা ৰাকেশ পালসহ ৩২ জন অভিযুক্তই লাভ কৰিবলগীয়া শাস্তি সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে অহা ২৯ জুলাইত ৰায়দান কৰিব। বিশেষ আদালতে কালি কেলেংকাৰিৰ গোচৰত লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল, দুই সদস্য আৰু ২৯ জন কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পাছতে আজি আদালতত দোষী প্রমাণিত হোৱা সকলৰ শাস্তি সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ হৈ এই শুনানিত প্ৰতিনিধিত্ব কৰা অধিবক্তাই সমাজৰ স্বাৰ্থত আৰু সংঘটিত ...

June 21, 2024 1:01 PM

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবাবু সিন্হা আৰু সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

May 9, 2024 6:42 PM

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ, মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খন জিলাৰ ১১৬টা কেন্দ্ৰত সৰ্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৯১গৰাকী...

April 4, 2024 8:55 PM

APSC: ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব। এখন বাজহুৱা স্বার্থ জড়িত আবেদনৰ শুনানি কালত চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত এই কথা অৱগত কৰে। অধিবক্তাই লগতে আদালতক জনাই যে, চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। সেয়েহে তদন্তৰ প্ৰতিবেদনখন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে। ফলত ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২২ এপ্রিল ধাৰ্য কৰিছে।

April 3, 2024 1:27 PM

এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান

♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও কাৰ্যালয়টোৰ পৰা ভালেমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ জব্দ কৰি নিয়ে। বিশেষ সূত্ৰৰ বাতৰি অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত অনুষ্ঠিত ৰা...