April 8, 2024 12:14 PM

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেইবাটাও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যে কাইলৈ অসমত উপস্থিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড় সমষ্টিত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে একেদিনাই শোণিতপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আন দুখনকৈ প্ৰচাৰ সভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব। ইয়াৰ পিছত তেওঁ তিনিচুকীয়াত এটা পদযাত্রাতো অংশ ল'ব।

April 7, 2024 12:27 PM

জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ তীব্র সমালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জয়পুৰৰ এটা সমাবেশত জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক তীব্র সমালোচনা কৰিছে। শ্ৰীশ্বাহে কালি সামাজিক মাধ্যমযোগে কয় যে, কংগ্ৰেছ দলে কাশ্মীৰৰ সৈতে কি সম্পর্ক বুলি প্ৰশ্ন কৰাটো সঁচাকৈয়ে লজ্জাজনক। শ্ৰীশ্বাহে কয় যে, তেওঁ কংগ্ৰেছ দলক সোঁৱৰাই দিব খোজে যে জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু প্ৰতিখন ৰাজ্য তথা নাগৰিকৰ জম্মু-কাশ্মীৰৰ ওপৰত অধিকাৰ আছে, যিধৰণে জম্মু-কাশ্মীৰ জনসাধাৰণৰ দেশৰ বাকী অংশৰ ওপৰত অধিকাৰ আছে। তেওঁ কয় যে,...

April 2, 2024 8:31 PM

বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ

♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা লোকসভা সমষ্টিৰ শক্তি প্ৰমুখৰ সন্মুখত ভাষণ দি তেওঁ কয় যে বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে INDIA মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনত কৰ্ণাটকে বিজেপিক ৪৩ শতাংশ ভোট আৰু ১৭খন আসন দিছিল। Read More News :  কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা  পোখৰা...

April 2, 2024 12:17 PM

এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ গৃহমন্ত্রী অমিত শ্বাহ

♦ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি পুৱা বেংগালুৰুত দলীয় কর্মীসকলক সাক্ষাৎ কৰিব। বিয়লি শ্রীশ্বাহে বাংগালোৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ চান্নাপাটনাত হ'বলগীয়া এটা বোড শ্বত অংশ ল'ব। Read More News :  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী  ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ ৰাজ্যত প্রাকৃতিক দু...

April 2, 2024 12:28 PM

ৰাজ্যত প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ উদ্বেগ প্রকাশ

♦ ৰাজ্যত প্ৰচণ্ড ধুমুহা, শিল বৰষুণে সংহাৰী ৰূপ লোৱাৰ পাছত এই প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। শ্ৰীশ্বাহে মোদী কা পৰিবাৰ নামৰ এক্স হেণ্ডেলযোগে অসম, পশ্চিমবংগ আৰু মণিপুৰত হোৱা ভয়ংকৰ ক্ষয়-ক্ষতিত উদ্বিগ্নতা প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। Read More News : ৰঙাল...

April 1, 2024 10:59 AM

দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৈছে। কালি শ্ৰীশ্বাহে ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি জয়পুৰত এখন সাংগঠনিক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত তেওঁ ডাউচা, কাৰাউলি-ধোলপুৰ, নাগৌৰ, চুৰু আৰু ঝুনঝুনু এই পাঁচটা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী, প্রাক্তন বিৰোধী নেতা ৰাজেন্দ্ৰ ৰাথোড় আৰু অন্যান্য নেতাসকল উপস্থিত থা...