May 6, 2024 2:18 PM

গৃহ মন্ত্ৰী অমিত শ্বাহে বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব

♦ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব। শ্ৰী শ্বাহে আজি বিয়লি উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ নাৰঘঘিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়াৰপুৰ আসনখনৰ বাবে প্রাক্তন মন্ত্ৰী আলোক কুমাৰ মেহতাক প্রার্থিত্ব প্ৰদান কৰা হৈছে। আৰ জে ডিৰ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী য়াদৱেও আজি চাৰণ আৰু চিৱান সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব।

May 5, 2024 8:31 PM

বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিবঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি পুনৰ কয় যে, বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিব। তেওঁ আদিলাবাদৰ জনসাধাৰণক মোদীৰ গেৰাণ্টী আৰু কংগ্ৰেছৰ স্বজন-তোষণৰ ৰাজনীতিৰ মাজৰ যিকোনো এটাক বাচি ল'বলৈ আহ্বান জনায়। আদিলাবাদ লোকসভা সমষ্টিৰ ছিৰপুৰ কাগজনগৰত এটা নিৰ্বাচনী ৰেলীক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছ চৰকাৰে সম্প্ৰদায়ৰ...

May 4, 2024 1:13 PM

স্পিৰিট অব্ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ’ গোচৰৰ সংক্ৰান্তত স্পিৰিট অব্ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰৰ সংক্ৰান্তত এজাহাৰ ৰুজু কৰিছিল।

May 1, 2024 11:50 AM

তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে দুবছৰৰ ভিতৰত দেশৰ পৰা নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰিবঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে দুবছৰৰ ভিতৰত দেশৰ পৰা নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰিব। আহমেদাবাদৰ নৰোদাত কালি বিয়লি আহমেদাবাদ পূৱ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী হছমুখ পেটেলৰ হকে নির্বাচনী সভাত ভাগ লৈ শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশলৈ শান্তি আনিছে আৰু দেশক বিশ্বৰ অগ্ৰণী অৰ্থব্যৱস্থাসমূহৰ অন্যতম কৰি তুলিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে...

April 28, 2024 8:32 PM

বিজেপিয়ে নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছেঃ অমিত শ্বাহ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কাজগঞ্জ জিলাত নির্বাচনী প্ৰচাৰ চলায়। শ্ৰীশ্বাহে অযোধ্যাৰ প্ৰাণ প্রতিষ্ঠা অনুষ্ঠানত অংশ গ্রহণ নকৰাৰ বাবে বিৰোধী দলক সমালোচনা কৰি কয় যে, বিজেপিয়ে নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। শ্ৰীশ্বাহে ৰাজ্যখনৰ মেইনপুৰী আৰু এটাৱাতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ লগতে কানপুৰত দলৰ কৰ্মচাৰীসকলৰ সৈতে সাধাৰণ নিৰ্বাচন সন্দৰ্ভত এখন বৈঠকতো মিলিত হয়। আনহাতে, জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্...

April 28, 2024 8:53 PM

কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। এই অনুসৰি শ্ৰী শ্বাহে গুৱাহাটী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ প্ৰস্তাৱিত অসম ভ্রমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্রোন নিষিদ্ধ, আটচবাজী আৰু উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা...

April 28, 2024 12:21 PM

বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিবঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি গুজৰাটৰ পোৰবন্দৰ, ভাৰুছ আৰু পঞ্চমহলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। পঞ্চমহলত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিব। তেওঁ কয় যে, বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিছে। বিজেপি চৰকাৰ দুখীয়া আৰু উপান্ত শ্ৰেণীৰ লোককে ধৰি সমাজৰ সকলো বৰ্গৰ উন্নয়নৰ প্ৰতি বদ্ধপৰিকৰ। ভাৰুছৰ নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীশ্বাহে কয় যে, বিজেপি চৰকাৰে অকল দেশৰ জনজাতীয় লোকস...

April 23, 2024 8:15 PM

কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে : অমিত শ্বাহ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা পি চিদাম্বক সমালোচনা কৰিছে। দিল্লীত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে। তেওঁ কয় যে এন ডি এ চৰকাৰে সকলোকে ন্যায় প্ৰদান কৰাৰ বাবে দায়বদ্ধ আৰু কেতিয়াও নাগৰিকত্ব সংশোধিত আই বাতিল কৰা নহয়। শ্ৰীশ্বাহে কয় যে, সময়মতে ন্যায় প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধা...

April 21, 2024 8:04 PM

কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছেঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে অভিযোগ কৰি কৈছে যে, কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছে। জে ডি ইউৰ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত কাটিহাৰৰ ৰাজেন্দ্ৰ ষ্টেডিয়ামত এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, আৰ জে ডি আৰু কংগ্ৰেছে কেতিয়াও বিহাৰৰ উন্নয়নৰ হকে কাম কৰা নাই। তেওঁ কয় যে, এন ডি এইহে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰিব পাৰিব। তেওঁ কয় যে, আৰ জে ডিৰ কাৰ্য্যকালত সমাজৰ সকলো শ্ৰেণীৰ লোক অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। তে...

April 20, 2024 12:29 PM

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৰেশ ধনানীয়েও ৰাজকোট আসনৰ পৰা মনোনয়ন দাখিল কৰিছে। গুজৰাটত তৃতীয় পৰ্যায়ত অহা ৭ মে’ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব।