July 6, 2024 5:55 PM

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ লগতে কয় যে, মাতৃ ভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব। গৃহমন্ত্রী অমিত শ্বাহে কয় যে, যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ড০ শ্যামাপ...

July 6, 2024 5:29 PM

আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণ কালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ১০২ সংখ্যক আন্তর্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত চাহাড় চে সমৃদ্ধি শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ বানছকান্তাৰ চাংৰা গাঁৱৰ মহিলা দুগ্ধ উৎপাদকসকলক ৰূপে ক্রেডিট কার্ড বিতৰণ কৰিব আৰু সমবায় পাইলট প্রকল্প পৰিদৰ্শন কৰিব। শ্ৰী শ্বাহে গোধৰা পঞ্চমহলৰ মাহুলিয়া গাঁৱৰ ...

June 23, 2024 8:08 PM

দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দেশত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এটা উমৈহতীয়া আৰু সুদূৰ প্ৰসাৰী নীতি যুগুত কৰাৰ বাবে দীৰ্ঘ দিনৰে পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে। এই বৈঠকত শ্ৰীশ্বাহে ছিকিম আৰু মণিপুৰত অলপতে হোৱা বান পৰিস্থিতিৰ সবিশেষ অধ্যয়ন কৰি সংশ্লিষ্ট বিভাগক গৃহ মন্ত্ৰ্যালয়ৰ হাতত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, উত্তৰ...

June 17, 2024 12:15 PM

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। অমৰনাথ তীর্থযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক পর্যালোচনা কৰাৰ বাবে শ্ৰীশ্বাহে আহ্বান কৰা দুখন বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত জেনেৰেল পাণ্ডেই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। অহা ৩০ জুনত জেনেৰেল পাণ্ডেই অৱসৰ গ্ৰহণ কৰিব ।

June 16, 2024 2:11 PM

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনা বৈঠক

জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ বাবে আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। পৰৱৰ্তী সময়ত এনে আক্ৰমণৰ ঘটনা প্ৰতিহত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব অজয...

June 12, 2024 1:34 PM

সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেঁও কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমবায়ৰ পৰা সমৃদ্ধি দৃষ্টিভংগী আগত ৰাখি সমবায় মন্ত্ৰালয়ে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক উপকৃত কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে কাম কৰি যাব। সহযোগিতাৰ ধাৰণাক সবল কৰি তোলাৰ সমান্তৰালকৈ এই খণ্ডৰ সৈতে জড়িত কোটি কোটি লোকক নতুন সুযোগ দি তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ চৰকাৰ প্ৰতিশ্ৰুতি...

May 31, 2024 6:41 PM

পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন কৰে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডী, মুখ্য পুৰোহিত তথা আন বিষয়াসকলে তেওঁলোকক আদৰণি জনায়। শ্রী শ্বাহে মন্দিৰ দৰ্শন কৰি ভগৱান শ্ৰী ৱেংকটেশ্বৰৰ আশীৰ্বাদ লয়।

May 26, 2024 8:42 PM

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ বিহাৰৰ কাৰাকাটত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে এই বুলি দাবী কৰিছে যে, তেওঁৰ চৰকাৰে চলিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়লৈকে ৩১০ খন আসনৰ সংখ্যা পাৰ কৰিছে আৰু দুটা পৰ্যায়ৰ পৰা দলে এন ডি এৰ সহযোগী মিত্ৰজোঁটৰ সৈতে ৪০০ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। বিহাৰৰ কাৰাকাটত আজি এটা ৰেলীক সম্বোধন কৰি শ্ৰীশ্বাহে কাৰাকাট সমষ্টিৰ আসনকনৰ বাবে এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত দিয়া প্ৰতিটো ভোটেই শ্ৰীমোদীক পুনৰ প্রধানমন্ত্ৰী হোৱাত সহা...

May 12, 2024 6:54 PM

পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰাৰ দাবী বিজেপি নেতা অমিত শ্বাহৰ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপি নেতা অমিত শ্বাহে উত্তৰ প্ৰদেশৰ কৌশ্বাম্বিৰ পৰা বিজেপি প্রার্থী বিনোদ সুনকাৰৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰা হ'ব বুলি দাবী কৰে। উল্লেখযোগ্য যে কালি অসমৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাইও বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ সভাত এই দাবী কৰিছিল। ইফালে, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও নির্বাচনী প্ৰচাৰত ...

May 6, 2024 8:37 PM

কংগ্ৰেছ দলে ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলে পিছপৰা শ্ৰেণীসমূহৰ স্বাৰ্থ বিঘ্নিত কৰি ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আজি বিহাৰৰ উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ চৰইৰঞ্জনৰ নৰঘোষিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে, কর্ণাটকত কংগ্ৰেছে অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ হ্ৰাস কৰি মুছলিম সম্প্রদায়ক ৫ শতাংশ সংৰক্ষণ প্ৰদান কৰিছে। একেদৰে অন্ধ্ৰপ্ৰদেশতো ধৰ্মৰ ভিত্তিত ৪ শতাংশ সংৰক্ষণ প্ৰদা...