September 21, 2024 10:37 AM
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ২৪ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে অহা ২৪ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰলৈ যাব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজেপিৰ ৰাজ্যিক গোটৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱাংকুলেই কৈছে যে, এই ভ্ৰমণৰ প্ৰথম দিনা শ্ৰী শ্বাহে নাগপুৰ আৰু চত্ৰপতি সম্ভাজীনগৰত দলীয় কর্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব আৰু ইয়াৰ পাছত ২৫ ছেপ্তেম্বৰত শ্ৰী শ্বাহ নাছিক আৰু ক'লাপুৰলৈ যাব। সাংবাদিকৰ আগত শ্ৰী বাৱাংকুলেই প্ৰকাশ কৰা মতে ...