September 20, 2024 7:50 PM

ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ চাওতাল পৰগণা খণ্ডৰ ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। পুলিচ লাইন গ্রাউণ্ডত আয়োজিত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে আশ্বাস প্ৰদান কৰি কয় যে যদি ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহে তেতিয়া জ্যেষ্ঠ নাগৰিক তথা ৭৫ বছৰৰ ঊৰ্ধৰ নাগৰিকসকলক ১০ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সাহায্য প্ৰদান কৰা হ'ব। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ফলত ৰা...

September 20, 2024 6:28 PM

নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে, বাস্তাৰৰ চাৰিখন জিলাৰ বাহিৰে সমগ্ৰ দেশতে নক্সালবাদৰ অন্ত পেলোৱাৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰ সফল হৈছে। তেওঁ লগতে নক্সালসকলক হিংসা ত্যাগ কৰি আত্মসমৰ্পণ কৰিবলৈও আহ্বান জনায়। উল্লেখ...

September 17, 2024 8:19 PM

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছে অথবা আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, এই সময়ছোৱাত অৰ্থব্যৱস্থাৰ সূদৃঢ়কৰণ, জীৱন ধাৰণ সুগম আৰু দুখীয়া তথা মধ্য বিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে ভালেমান সিদ্ধান্ত লোৱা হৈছে। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি চৰকাৰৰ কাম-কাজ সন্দৰ্ভত এখন পুস...

September 17, 2024 12:47 PM

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰি নিৰাপদ ভাৰত গঢ়ি তুলিছেঃ  গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তুলিছে আৰু এখন নিৰাপদ ভাৰত গঢ়ি তোলাত সহায় কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে বিগত ১০ বছৰত দেশক প্ৰগতিৰ পথেৰে আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ ভিতৰত ১৫ লাখ কোটি টাকা ব্যয়সাপেক্ষ ভালেমান প্রকল্পত অনুমোদন দিয়া হৈছে আৰু একাংশ প্ৰকল্পৰ কাম ইতিম...

September 13, 2024 9:01 PM

কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব। ৰাজভাষা বিভাগে হিন্দী ভাষা ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰিছে। হিন্দী দিৱস উপলক্ষে কাইলৈ শ্ৰীশ্বাহে ৰাজভাষা ভাৰতী আলোচনীৰ হীৰক জয়ন্তী বিশেষ সংস্কৰণ উন্মোচন কৰিব আৰু ৰাজভাষা গৌৰৱ তথা ৰাজভাষা কীৰ্তি বঁটাসমূহ প্ৰদান কৰিব। হীৰক জয়ন্তী অধিক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠানত এটা স্মাৰক...

September 7, 2024 9:05 PM

বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশ্বাস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ'ব বুলি আশ্বাস দিছে। জম্মুত আজি এখন জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মোদী চৰকাৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত হ'বলগীয়া জম্মু-কাশ্মীৰৰ আসন্ন বিধানসভা নির্বাচন ঐতিহাসিকৰূপে পৰিগণিত হৈছে। কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোটে পুৰণি ব্যৱস্থা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলোৱা বুলি শ্ৰীশ্বাহে অভিযোগ তোলে। কংগ্ৰেছ আৰু নেচনেল কনফ...

September 3, 2024 8:01 PM

গৃহমন্ত্ৰীৰ উপস্থিতিত কাইলৈ কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি, এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্রণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ -এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্রবাদ, হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উ...

August 25, 2024 7:50 PM

কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। ইয়াৰ সৈতে সংগতি ৰাখি ছত্তিশগড়ৰ মাদকদ্ৰব্যৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকতো কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাই, গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী ৱিজয় শৰ্মা তথা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। অনুষ্ঠানত শ্ৰ...

August 20, 2024 6:25 PM

দিল্লীত অমিত শ্বাহৰ সৈতে ভৱেশ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থিত্বক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। বহিঃৰাজ্যৰ কোনো প্ৰাৰ্থীৰ নাম আসন দুখনৰ বাবে চৰ্চালৈ অহা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিয়ে এই আসন দুখনৰ বাবে প্ৰে...

August 18, 2024 8:38 PM

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায়ঃ গৃহমন্ত্রী অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায় বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে, এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ১৮৮ গৰাকী হিন্দু লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এই কথা প্রকাশ কৰে। শ্ৰী শ্বাহে তোষামোদৰ ৰাজনীতি আৰু ভোটবেংকৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হিন্দু তথা আন সংখ্যালঘু লোকক অৱহেলা কৰা বুলি সমালোচনা কৰে। তেওঁ...