September 16, 2024 6:11 PM

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে – দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰামবান, কিণ্টৱাৰ আৰু পাড্ডাৰত হ'বলগীয়া নির্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমদিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰচাৰ অভিযান তীব্ৰগতিত চলা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ২০ ছেপ্তেম্বৰত জম্মু ভ্ৰমণ কৰা...

September 13, 2024 9:01 PM

কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব। ৰাজভাষা বিভাগে হিন্দী ভাষা ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰিছে। হিন্দী দিৱস উপলক্ষে কাইলৈ শ্ৰীশ্বাহে ৰাজভাষা ভাৰতী আলোচনীৰ হীৰক জয়ন্তী বিশেষ সংস্কৰণ উন্মোচন কৰিব আৰু ৰাজভাষা গৌৰৱ তথা ৰাজভাষা কীৰ্তি বঁটাসমূহ প্ৰদান কৰিব। হীৰক জয়ন্তী অধিক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠানত এটা স্মাৰক...

September 11, 2024 1:14 PM

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয়ঃ গৃহমন্ত্রী

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয় বুলি গৃহমন্ত্রী অমিত শ্বাহে মত প্রকাশ কৰিছে। নতুন দিল্লীত কানি চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আই ফ'ৰ চিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রযুক্তি মানৱ জীৱনৰ বাবে আশীর্বাদ হিচাপে বিবেচিত হৈছে যদিও বিভিন্ন সময়ত প্রযুক্তিয়ে মানুহৰ বিপদো মাতি আনিছে। তেনে ক্ষেত্ৰত চাইবাৰ সুৰক্ষা ৰাষ্ট্ৰৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি তেওঁ কয়। দেশৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট সেৱাৰ বর্ধিত ব্যৱ...

September 10, 2024 1:01 PM

ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। এই উপলক্ষে শ্ৰী শ্বাহে চাইবাৰ অপৰাধৰ পৰা সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা মুকলি কৰাৰ লগতে চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধী কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে সমন্বয় শীৰ্ষক এটা ৱেব আধাৰিত মড্যুল মুকলি কৰিব। তেওঁ লগতে চাইবাৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ৰাজ্যৰ কেন্দ্ৰীয়শাসিত অঞ্চল তথা কেন্দ্রীয় আৰক্ষী সংস্থা প্রশিক্ষিত বিশেষজ্ঞৰ ...

September 10, 2024 1:00 PM

অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ নিৰ্বাচিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্রমে পুনৰ নিৰ্বাচিত হৈছে। তেওঁ কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সকলো চৰকাৰী ব্যৱস্থা ভাৰতীয় ভাষাত পৰিচালনা কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। চৰকাৰী ভাষা বিভাগে অষ্টম অনুসূচীৰ সকলো ভাষা কাৰিকৰী ভিত্তিত স্বয়ংক্রিয়ভাৱে অনুবাদ কৰিব পৰাচ ফটৱেৰ বিকশাই তোলাৰ কাম অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নতুন চৰকাৰ গঠনৰ পাছত চৰকাৰী ভাষা সম্পর্কীয় সংসদীয় সমিতি পুনৰ গঠনৰ বাবে কালি নতুন দিল্লীত সমিতিৰ এখন বৈ...

September 7, 2024 9:05 PM

বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশ্বাস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ'ব বুলি আশ্বাস দিছে। জম্মুত আজি এখন জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মোদী চৰকাৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত হ'বলগীয়া জম্মু-কাশ্মীৰৰ আসন্ন বিধানসভা নির্বাচন ঐতিহাসিকৰূপে পৰিগণিত হৈছে। কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোটে পুৰণি ব্যৱস্থা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলোৱা বুলি শ্ৰীশ্বাহে অভিযোগ তোলে। কংগ্ৰেছ আৰু নেচনেল কনফ...

September 4, 2024 12:24 PM

অমিত শ্বাহৰ উপস্থিতিত আজি কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি আৰু এ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰিত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ- এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্রবাদ, হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উদ্...