July 21, 2024 6:47 PM
চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰিছে
চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰে। বৈঠকত চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কিৰেন ৰিজিজু, অর্জুন ৰাম মেঘৱাল, জে পি নাড্ডা, চিৰাগ পাচোৱান, ৰামদাস আঠাৱালে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, এন চি পি নেতা প্রফুল পেটেল, ডি এম কেৰ নেতা টি.আৰ. বালু আৰু তিৰুছি শিৱা, আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিং আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওরেছ...