May 20, 2024 12:29 PM

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰাৰ পাছত বিজেপিৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি পশ্চিমবংগৰ সন্দেশখালি, অশোকনগৰ আৰু দমদমত তিনিখনকৈ নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ চৰকাৰখনক তীব্র সমালোচনা কৰে। সভাত ভাষণ দি তেওঁ মমতা বেনাৰ্জীয়ে ৰাজ্যখনত কা বলৱৎ হ'ব নিদিয়ে বুলি কোৱা মন্তব্যৰো প্ৰত্যাহ্বান জনায়। বাংলাদেশত উৎপীড়নৰ চিকাৰ ...

May 17, 2024 12:16 PM

২০ মে’ত ভোটগ্রহণ হ’বলগীয়া ৪৯টা সমষ্টিৰ বাবে শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা ২০ মে'ত ভোটগ্রহণ হ'বলগীয়া ৪৯টা সমষ্টিৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ৰাজনৈতিক দলৰ নেতাসকলে অন্তিম প্রয়াস চলাইছে। ইফালে, ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ ল'ব। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচনী সভাত ভাষণ দিব। একেদৰে উত্তৰ প...

May 13, 2024 6:00 PM

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ প্ৰচাৰ অভিযান অব্যাহত

দেশৰ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে বাকী থকা সমষ্টিসমূহত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত ৰাখিছে। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত কেইবাখনো জনসভাত ভাগ লৈছে। আজি পুৱা হাজিপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি নেতা গৰাকীয়ে ৰাজ্যবাসীক দেশৰ উন্নয়নৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে শ্রী মোদীয়ে পাটনা চহৰৰ তাখাত শ্রী হৰিমন্দিৰজি পাটনা চাহিব দর্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আবেলিলৈ উত্তৰ প্ৰদেশৰ বাৰানসীত এটা ৰোড শ্বত অংশ ল'ব। উল্লেখ...

May 10, 2024 7:48 PM

দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্য্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্য্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ এদিন পূৰ্বে আজি বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ মেহবুবনগৰ লোকসভা সমষ্টিৰ নাৰায়ণপেটত এখন নির্বাচনী সভাত ভা...