September 14, 2024 11:07 AM

ঢেকীয়াজুলিত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা তথ্যচিত্র উন্মোচন

■ ধ্বনি লোককৃষ্টি সমাজৰ উদ্যোগত কালি ঢেকীয়াজুলি নগৰৰ বিহু ভৱনত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা এখন তথ্যচিত্র উন্মোচন কৰা হয়। তথ্যচিত্ৰখনৰ জৰিয়তে দেশ আৰু ঢেকিয়াজুলিৰ প্ৰতি স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক নেতা অমিয় কুমাৰ দাসৰ অৱদানৰ বিবৰণ দাঙি ধৰা হৈছে । উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে সমাজ সংস্কাৰক আৰু সংগঠক ৰমেশ বৰুৱাই ভাষণ আগবঢ়ায়। অনুষ্ঠানত ড০ শুকদেৱ অধিকাৰী, ড০ হৰিপ্ৰসাদ বৰুৱা, পল্লবী বৰুৱা, নৰেন হালৈ আৰু ঈশ্বৰ গোপালকৃষ্ণ ৰাভা আদিকে ধৰি গণ্যমান্য বহুতো লোক উপস্থিত ...

September 13, 2024 9:17 PM

বাংলাদেশৰ কস্ক বাজাৰ জিলাত পৃথক ভূমিস্খলনৰ ঘটনাত দুগৰাকী লোক নিহত

বাংলাদেশৰ কস্ক বাজাৰ জিলাত কালি নিশা তথা আজি পুৱা হোৱা পৃথক ভূমিস্খলনৰ ঘটনাত দুগৰাকী লোক নিহত হয়। কক্স বাজাৰৰ উখিয়া ৰোহিঙ্গিয়া শিবিৰত আজি পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত একেটা পৰিয়ালৰে তিনিগৰাকী লোক নিহত হয়।

September 13, 2024 8:50 PM

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১- ২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি কথা পাতিব পাৰিব।

September 13, 2024 8:43 PM

নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন

নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বিটিআৰ প্ৰশাসনৰ পুথিভঁড়াল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন কৰা হৈছে। বিটিআৰৰ ৰাজহুৱা পুথিভঁড়াল আৰু শিক্ষানুষ্ঠানসমূহত যোৱা ১০ চেপ্তেম্বৰৰ পৰা অহা ১৭ চেপ্তেম্বৰলৈ এই পঠন সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি তামুলপুৰ মহকুমা গ্ৰন্থাগাৰতো পঠন সপ্তাহৰ কাৰ্যসূচী উদ্যাপিত হয়। এই উপলক্ষে মহকুমা গ্রন্থাগাৰিকৰ সঞ্চালনাত এখন সজাগতামূলক আৰু মত বিনিময় সভা অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট ব...

September 13, 2024 8:36 PM

বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজক সজাগতা সৃষ্টিৰে বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যসূচী

বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণ কৰাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি চেঙা দক্ষিণপাৰত এখন কর্মশালা অনুষ্ঠিত হয়। বৃহত্তৰ চেঙাৰ কেইবাখনো শিক্ষানুষ্ঠানত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ এটা দলক বিভাগটোৰ সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে। প্ৰধানকৈ সমষ্টিটোৰ চৰ অঞ্চলৰ শিক্ষাৰ্থীক এই প্রশিক্ষণ দিয়াত বিশেষ গুৰুত্ব দিয়া হৈছে। জলদূত নাম দিয়া এইসকল শিক্ষার্থীয়ে...

September 13, 2024 8:08 PM

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাৰ শপতগ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাই শপতগ্ৰহণ কৰে। মাধ্যমিক শিক্ষ পৰিদৰ কাৰ্যালয়ত আয়োজিত শপতগ্রহণ অনুষ্ঠানত বোর্ডৰ অন্যান্য সদস্য সকলেও শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভাগ লৈ কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি গঠন কৰা ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডখন মূলতঃ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে দায়বদ্ধ হ'ব। বোর্ডখনে বিদ্যায়তনিক দিশসমূহৰ লগতে পৰীক্ষাপতা, প্ৰমাণপত্ৰ দি...

September 13, 2024 8:03 PM

সোণাপুৰৰ কচুতলিত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছেঃ মুখ্যমন্ত্ৰী

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ঠাইখনত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতিয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ'ব। আনহাতে ট্রাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্রেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰ...

September 13, 2024 8:02 PM

চুমি বৰা আৰু তার্কিক বৰাক গ্ৰেপ্তাৰৰ পাছত থানালৈ নিনি জিমখানালৈ নি সেই স্থানত ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয় সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

অনলাইন ট্রেডিং কেলেংকাৰী গোচৰত জড়িত চুমি বৰা আৰু তার্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত পোনে পোনে থানালৈ নিনি ডিব্ৰুগড় জিমখানালৈ নিয়া আৰু সেই স্থানত এটা ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই তদন্তৰ নিৰ্দেশ দিছে। একেটা বিষয় সন্দৰ্ভত লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা বুলি প্ৰকাশ কৰিছে। আনহাতে, ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰি...

September 13, 2024 6:36 PM

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত ৪৪ লাখ টকা ব্যয় সাপেক্ষ জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত আজি ৪৪ লাখ টকা ব্যয় সাপেক্ষ এটা জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। মানকাচৰৰ বিধায়ক আমিনুল ইছলামে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাস চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। অহা ছমাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সংশ্লিষ্ট পক্ষক নির্দেশ দিছে। ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ বিশেষকৈ গাওঁ অঞ্চলত স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্যে গ্ৰহণ কৰা জি প্লাছ ওৱান উপস্বাস্থ্য ক...

September 13, 2024 6:34 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ অংশকালীন সংবাদদাতাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ আবেদন পত্র...