June 18, 2024 5:45 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াই আজি ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ন্যায়াধীশ দুগৰাকীক শপতবাক্য পাঠ কৰোৱায়।

June 18, 2024 6:44 PM

views 1

বিটিআৰত দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ

বিটিআৰত আজি দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ হৈছে। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে প্ৰথম দিনাৰ অধিৱেশনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰায় ২ হাজাৰ ২০০ কোটি টকাৰ বাজেট দাখিল কৰে।

June 18, 2024 5:36 PM

ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত

বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত বান পৰিস্থিতিৰ অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰ...

June 18, 2024 5:06 PM

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত এই পর্যন্ত ১৪খন জিলাৰ ১ লাখ লোক বানত ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক...

June 18, 2024 4:59 PM

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হবলগীয়া প্ৰথম খণ্ড। প্রধানমন্ত্ৰষ্ঠীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগ...

June 14, 2024 8:02 PM

কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ডত ৬২ টা খণ্ড নিলাম হ’ব

চৰকাৰে কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ড আৰম্ভ কৰিব। এই ৰাউণ্ডত ৬২ টা খণ্ড নিলাম কৰা হ'ব। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অহা সপ্তাহত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব।কয়লা মন্ত্ৰালয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে ২০২০ চনত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়াৰেপৰা মন্ত্ৰ্যালয়ে যোৱা ৯টা ৰাউণ্ডৰ অধীনত সফলতাৰে ১০৭ টা কয়লাখণ্ডৰ নিলাম প্রক্রিয়া সম্পূৰ্ণ কৰিছে। বৰ্তমান ১১ টা বাণিজ্যিক কয়লা খণ্ড কাৰ্যক্ষম হৈ আছে।

June 14, 2024 7:52 PM

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ লগতে এন এ বি চি বিৰ স্বীকৃতিসহ মান ব্যৱস্থাপনা প্রক্রিয়া আই এছ ও নাইন থাওজেণ্ড ৱান টু থাওজেণ্ড ফিফটিন প্রমাণ পত্র লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে, এন এ বি চি বি হৈছে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্যৰ সংবৰ্দ্ধন বিভাগৰ অধীনৰ এটা স্বায়ত্ত শাসিত সংস্থা।

June 14, 2024 7:48 PM

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা পৰ্যটন মন্ত্রী জয়ন্ত মল্লই আজি পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাবে ল'বলগীয়া পদক্ষেপসূহৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যজুৰি দক্ষ লোকসকলক বিচাৰি উলিওৱা সন্দৰ্ভত ল'বলগীয়া পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। চলিত বিত্তীয় বৰ্ষৰ বাবে পৰিকল্পনা, ধবজাবাহী কাৰ্য...

June 14, 2024 6:51 PM

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ড০ শৰ্মাই কয় যে, ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত এহেজাৰ ...

June 14, 2024 6:46 PM

মোবাইল ফোন হেৰালে বা চুৰি হ’লে দূৰ সংযোগ বিভাগৰ CEIR প’ৰ্টেলত IMEI নম্বৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ আহ্বান

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মোবাইল ফোন হেৰালে বা চুৰি হ'লে নিজাকৈ অথবা আৰক্ষী থানাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগৰ CEIR প'ৰ্টেলত হেৰুওৱা মোবাইলটোৰ IMEI নম্বৰ তথা মোবাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে। তেওঁ লগতে পুৰণি মোবাইল ক্ৰয় কৰাৰ বাবে আগ্ৰহী লোকসকলক মোবাইটোৰ IMEI নম্বৰ সংশ্লিষ্ট প'ৰ্টেলত পৰীক্ষা কৰি ল'বলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, মহানগৰ আৰক্ষীয়ে বিভিন্ন সময়ত উদ্ধাৰ কৰা ৬৫০টা চুৰি মোবাইল ফোন আৰু ১৬টা লেপটপ আজি পাণবজাৰত থকা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্...