June 14, 2024 6:29 PM

সোণাপুৰ টোলগে’টত ৰাজ্যৰ বিশেষ টাস্ক ফ’ৰ্চে এখন বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে

ৰাজ্যৰ বিশেষ টাস্ক ফ'ৰ্চে আজি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগে'টত এখন বাহন জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি বাহিনীটোৱে অভিযান চলাই বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ এটা নিষিদ্ধ সংগঠনে অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সা-সৰঞ্জাম ক্ৰয় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। গুৱাহাটীৰ ছয়মাইল অঞ্চলত আৰক্ষীয়ে বাহনখন চিহ্নিত কৰি সোণাপুৰ টোলগেট'ত বাহনখন জব্দ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৭...

June 14, 2024 6:07 PM

দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ‘গুৱাহাটী প্ৰাণ’ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান

প্রখ্যাত সমাজকৰ্মী ধীৰেণ বৰুৱাৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে পৰহিলৈ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ১০ বাজি ২০ মিনিটৰ পৰা গুৱাহাটী প্ৰাণ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ধীৰেণ বৰুৱা সাংসদ হেম বৰুৱাৰ অন্যতম সহযোগী আছিল। গুৱাহাটী তেল শোধানাগাৰ, শৰাইঘাট দলং, উত্তৰ-পূব সীমান্ত ৰে'লৰ সদৰ কাৰ্যালয় স্থাপন আদি অসমৰ কেইবাটাও জাতীয় আন্দোলনৰ তেওঁ সক্রিয় অংশগ্ৰহণ কৰিছিল। প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা গুৱাহাটীৰ সমস্যা তথা সমাধানৰ বিষয়ে আগ্রহী ব্যক্তিসকলক guwahatipran...

June 14, 2024 6:05 PM

খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্র

অসম উদ্যান শস্য পালন সমাজে আজি গুৱাহাটীৰ খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ এখন আলোচনা চক্র অনুষ্ঠিত হয়। উদ্যান শস্য আৰু খাদ্য সংশাধন সঞ্চালকালয়ৰ উদ্যে্যাগত কৃষি বিজ্ঞান কেন্দ্র তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ উদ্যান শস্যত ইয়াৰ প্ৰভাৱ, সমস্যা আৰু প্ৰস্তুতি, উদ্যান শস্যভিত্তিক জৈৱিক তথা প্রাকৃতিক কৃষি উদ্যান শস্যসমূহৰ সুৰক্ষাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা ক...

June 14, 2024 5:01 PM

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনাও অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। সংসদৰ অধিবেশন ৩ জুলাইত সামৰণি পৰিব৷

June 13, 2024 7:19 PM

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ” শীর্ষক কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ” শীর্ষক কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোত অতিথি হিচাপে যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ডলী দেৱীয়ে।

June 13, 2024 6:10 PM

মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎ‍সালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয়।

June 13, 2024 4:29 PM

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনা

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত বিগত ৪ দিনত ৫টা গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু ৯ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ভালেমান লোক আহত হয়। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি ৭ জন নিৰাপত্তাৰক্ষী বিষয়াৰ ভিতৰত ৫ জন সৈনিক, এজন বিশেষ আৰক্ষী বিষয়া, এজন আৰক্ষী আৰু ৪২ জন সাধাৰণ লোক এই আক্ৰমণত আহত হয়। নিৰাপত্তাৰক্ষী বাহিনীৰ কালি দুজন অস্ত্র সম্বলিত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত কাঠৱা জিলাৰ হীৰানগৰত এজন চি আৰ পি এফ বিষয়াও নি...

June 12, 2024 1:09 PM

গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসমৰ চাহবাগিচাসমূহৰ লোকসকলৰ স্বাস্থ্য সেৱা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কালি গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে হন্স ভ্রাম্যমাণ চিকিৎসা ইউনিট প্রকল্পই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু প্ৰতিৰোধমূলক যত্নসেৱা প্ৰদান কৰাৰ বাবে স্বাস্থ্য সেৱা পেছাদাৰীসকলৰ সৈতে ৪৫খন উন্নত মানৰ এম্বুলেন্সৰ যোগান ধৰিব।

June 8, 2024 2:14 PM

আজি নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

June 8, 2024 1:53 PM

নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলাৰ POCSO আদালতৰ

কামৰূপ মহানগৰ জিলাৰ POCSO আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। এটি ১০ বছৰীয়া কন্যা শিশুক যৌন নির্যাতন চলোৱাৰ সন্দৰ্ভত মহানগৰীৰ ভঙাগড় থানাত ২০২২ চনত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি কালি আদালতে নৰহৰি বৰ্মনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।