September 5, 2024 9:05 PM

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ কার্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাসকলক প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়। কাৰ্যসূচীত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ ললিত শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে আয়োগে ভাৰতীয় উদ্যমিতা প্ৰ...

September 5, 2024 6:10 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

September 3, 2024 7:30 PM

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৪ জন যুৱকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন উজান বজাৰৰ বাবু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰা, ভেটাপাৰাৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহতু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তকেইজনৰ হাতীগাঁৱত থকা এটা ফ্লেটত অভিযান চলাই ৪৪ খন চেকবুক, ১২ খন পাছবুক, ৪৯ খন ডেবিট কার্ড, সংযুক্ত আৰৱ গণৰাজ্য আৰু থাইলেণ্ডৰ বিদেশী মুদ্রা, ১৭ খন চিম কাৰ্ডকে ধৰি বহু সা-সামগ্ৰী জব্দ কৰিছে। এই সন্দৰ্ভত আজি আয়োজিত এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক...

September 3, 2024 7:19 PM

আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটী ভ্ৰমণ

ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে আজি গুৱাহাটী ভ্ৰমণ কৰোৱা হয়। এই ভ্ৰমণৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক আই আই টি গুৱাহাটী, এইমছ, ৰাজ্যিক সংগ্ৰহালয়, বায়'টেক পার্ক, প্লেনেটেৰিয়াম, চিৰিয়াখানা, আর্মী ষ্টেচন, কলাক্ষেত্র, আঞ্চলিক বিজ্ঞান কেন্দ্ৰকে ধৰি শৈক্ষিক আৰু সাংস্কৃতিক তাৎপর্যপূর্ণ স্থানসমূহ পৰিদৰ্শন কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বৰপেটাৰ সহকাৰী আয়ুক্তসহ সমগ্ৰ শিক্ষাৰ ডি পি অ', ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু চিকিৎসক, ন...

September 3, 2024 5:42 PM

স্নেহ স্পৰ্শ আঁচনিৰ অধীনত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ

ৰাজ্য চৰকাৰৰ স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। বৰপেটা, বজালী আৰু বঙাইগাঁৱত অনুষ্ঠিত কৰা এই শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক সকলে জিলা তিনিখনৰ দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ অধ্যক্ষ ডা০ ৰমেন তালুকদাৰে জনাই যে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ ধৰা পৰা শিশুসকলৰ অসুস্থতাৰ দিশবোৰ পৰ্যালোচনা কৰি তেওঁলোকৰ মাজৰ পৰা জটিল ৰোগীসকল...

August 31, 2024 8:02 PM

অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে

♦ অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰৰ অধিবেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। এইবাৰৰ অধিবেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থকাৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ মহিলা সৱলীকৰণ, থলুৱা কৃষ্টি, সংস্কৃতিৰ সুৰক্ষা আৰু আদিবাসী জনসাধাৰণৰ কল্যাণৰ দিশত এই বিধেয়ক...

August 31, 2024 6:25 PM

গোলাঘাটত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি

গোলাঘাট জিলাত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডা০ পি উদয় প্রবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুর্যোগ প্রশমন, ক্ষীপ্র যোগাযোগ তথা তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক তথা উপ-সচিব অলকানন্দ মেধিয়ে এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুৰ্যোগৰ সময়ত জিলাবাসীক সেৱা...

August 31, 2024 6:24 PM

গোৱালপাৰাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমল কেন্দ্রৰ উদ্বোধন

গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমল কেন্দ্র এটা আজি উদ্বোধন কৰা হয়। চেণ্টাৰ ফৰ মাইক্ৰ'ফাইনেন্স এণ্ড লাইভলিহুডৰ সহযোগত আৰু টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা এই কেন্দ্ৰটো আতি জিলাখনৰ অতিৰিক্ত আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা প্ৰকল্প বিষয়াৰ লগতে বিভিন্ন খণ্ডৰ সমল ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।

August 31, 2024 6:10 PM

গুৱাহাটীক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মেয়ৰ মৃগেন শৰণীয়াৰ ৫ খন বাহনৰ শুভাৰম্ভ

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি মেয়ৰ মৃগেন শৰণীয়াই ৫ খন বাহনৰ শুভাৰম্ভ কৰে। গুৱাহাটী পৌৰ নিগমে প্ৰদূষণমুক্ত ভাৰত অভিযানৰ অধীনত পূর্বে ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰিছিল। এই বাহনকেইখনে চহৰৰ বিভিন্ন পথত ধূলি নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ছাফাই কৰ্মচাৰীৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ ক্ৰয় কৰিছে। ইপিনে মেয়ৰ শৰণীয়াই আজি মহানগৰীৰ ৪৩ নম্বৰ ৱাৰ্ডৰ দক্ষিণ বৰসজাই মৈদাম দুর্গা মন্দিৰ ন্যাসৰ প্ৰস্তাৱিত ...

August 21, 2024 12:31 PM

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত

● কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত সদস্যৰ সংখ্যা ৭.৮৬ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে কৈছে যে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত সংস্থাটোত অন্তৰ্ভুক্ত সদস্যৰ সংখ্যা বৃদ্ধি পাইছে।