August 2, 2024 12:16 PM

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত কাইলৈ নিশা ৮.০২ মিনিটত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্ৰিদীপ বপৰৰ্নচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্ৰোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

June 9, 2024 12:29 PM

অসমৰ ৪খন জিলাৰ বাহিৰে আন জিলাসমূহত ‘আফস্পা’ বাতিল কৰা বুলি বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র মনোজ বৰুৱাৰ প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলক দেশৰ মূলসুঁতিৰ সৈতে একাত্ম কৰি তোলাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নতুন চৰকাৰখনেও এই প্ৰচেষ্টা অব্যাহত ৰাখিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কাৰ্যকাল বিষয়ক আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র মনোজ বৰুৱাই এইদৰে কয়। বিদ্ৰোহী সংগঠনসমূহৰ সৈতে শান্তি আলোচনা চলি থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, অসমৰ ৪খন জিলাৰ বাহিৰে আন জিলাসমূহত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আ...