September 13, 2024 5:48 PM

দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰি তোলাৰ বাবে সকলো এলেকাত শান্তি আৰু বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান অতি জৰুৰীঃ অজিত দোভাল

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত কালি ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত হোৱা বৈঠকত এই বিষয়ত সহমত গঢ়ি উঠে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সুৰক্ষা বিষয়ৰ বাবে দায়িত্বত থকা উচ্চ পৰ্যায়ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগ...

June 18, 2024 4:56 PM

জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত বৈঠকত অজিত ডোভালৰ অধ্যক্ষতা

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নতুন দিল্লীত কালি জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত তেওঁৰ সৈতে আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক ছুলিভানেও অংশগ্ৰহণ কৰি কৌশলগত প্রযুক্তি অংশীদাৰিত্বৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰে। হোৱাইট হাউছে কৈছে যে দুয়োপক্ষই সহ উৎপাদন, সহ বিকাশ আৰু অনুসন্ধান তথা উন্নয়নৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আমেৰিকান, ভাৰতীয় তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ অংশীদাৰসকলক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য প...

June 13, 2024 7:21 PM

অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন জনাইছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সামৰণিলৈ বা পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পর্যন্ত তেওঁৰ কাৰ্যকাল অব্যাহত থাকিব। ইপিনে, নিযুক্তি সমিতিয়ে আজি ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ড০ পি কে মিশ্রক ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি দিছে। শ্ৰীদোভাল আৰু ড০ মিশ্ৰই কাৰ্যকালৰ সময়ছ...