June 20, 2024 7:37 PM

আকাশবাণীৰ চলন্তিকা অনুষ্ঠানত আজি ‘সুন্দৰ জীৱনৰ বাবে যোগ’ শীৰ্ষক আলোচনা

বিশ্ব যোগ দিৱসৰ প্ৰাকক্ষণত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত চলন্তিকা অনুষ্ঠানত ‘সুন্দৰ জীৱনৰ বাবে যোগ' শীৰ্ষক দিগন্ত শৰ্মাৰ সৈতে হোৱা এটা আলোচনা আগবঢ়াব। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা চাৰে ৬ বজাত তেজপুৰৰ চাৰ্ছ ফিল্ডত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰিব।

June 10, 2024 11:38 AM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৭.৪৫ বজাত ‘চলন্তিকা’ত অধিবক্তা মাখন ফুকনৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৭ বাজি ৪৫ মিনিটত চলন্তিকাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী গোটৰ বিশেষ চৰকাৰী অধিবক্তা মাখন ফুকনৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব হেমন্ত বৰাই।