September 26, 2024 9:29 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত বাতৰি পৰিৱেশক, নাট-বৰগীতৰ শিল্পী গোলাপ শ‍ইকীয়াৰ স্মৃতিচাৰণ

ক'ভিডত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুওৱা আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক, নাট তথা বৰগীতৰ শিল্পী গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু দিৱস উপলক্ষে আজি কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২০ চনৰ আজিৰ দিনটোতে ক'ভিডত আক্ৰান্ত হৈ শ‍ইকীয়াৰ দেহাৱসান হৈছিল। আজি স্মৃতিচাৰণ অনুষ্ঠানত দূৰদৰ্শনৰ পাটনাৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ছলমান হায়দৰ উপস্থিত থাকি প্ৰয়াত বাতৰি পৰিৱেশকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৰণৰ বাবে আকাশবাণীয়ে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে।...

September 23, 2024 3:04 PM

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত আজি সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

September 23, 2024 12:18 PM

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত আছে। স্বাভাৱিক তাপমাত্ৰা চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহৰ মাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাইছে। বিগত দিনকেইটাত তাপমাত্রা ৩৭ৰ পৰা ৩৮ ডিগ্রী চেলছিয়াছ হৈছে যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়ালছলৈ গৰম অনুভূত হৈ আহিছে। আজি এই তাপমাত্ৰা নূন...

September 23, 2024 12:12 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ আব...

September 13, 2024 6:16 PM

১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে ১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাখনত ১৩৩ টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰি বেৰ আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলা হৈছে। আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জিলাখনৰ পশ্চিম চক্ৰৰ পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰীক্ষাৰ প্ৰস্...

September 12, 2024 1:04 PM

আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত

গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন গুৱাহাটী জিলা পুথিভঁৰালত আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ দ্রষ্টা নাট্যগোষ্ঠীয়ে ড০ সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্ৰজিৎ কাকতিৰ পৰিচালিত পি আই এল-৯৯ নামৰ নাটখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ দ্বাৰা ড০ সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত দ্ৰোহী, ১৪ ছেপ্তেম্বৰৰ সন্ধিয়া জাগীৰোড নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা তৰুণ তালুকদাৰ ৰচিত আৰু পৰিচালিত ই...

September 3, 2024 5:46 PM

সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলৰ দর্শনীয় প্রদর্শন

গুৱাহাটীত যোৱা ৩০ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলে দর্শনীয় প্রদর্শন আগবঢ়ায়। ল'ৰা আৰু ছোৱালীৰ শাখাত অভিৰূপ শ‍ইকীয়া আৰু চাৰবী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰে। ইপিনে, জুনিয়ৰ ল'ৰাৰ শাখাত প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপে দ্বিতীয়, জগজিৎ সিন্হাই তৃতীয় আৰু নিহাদ ইছলাম হাজৰিকাই চতুৰ্থ স্থান দখল কৰে। ছোৱালীৰ জুনিয়ৰ শাখাত আফচিন আফচা জামান আৰু হৃদিকা দাসে ক্ৰমে আৰু দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। দৰং মহাবিদ্যা...

August 31, 2024 8:14 PM

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যৌথভাৱে জাৰি কৰা সতর্কতামূলক জাননী উল্লেখ কৰা অনুসৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত বাটপথত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ উপৰি দিছপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ কেতবোৰ এলেকা পানীৰে উপচি পৰাৰ সম্ভাৱনা আছে। ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱ...

August 13, 2024 1:19 PM

নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত আই আই টি গুৱাহাটীৰ সামগ্ৰিক শাখাত নৱম স্থান লাভ

■ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ কৰা তালিকাত অসমৰ শিক্ষানুষ্ঠানসমূহে আশানুৰূপ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এইক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে সামগ্ৰিক শাখাত নৱম স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ৫৭ সংখ্যক স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে বিগত বৰ্ষৰ ৮৮ সংখ্যক স্থানৰ পৰা ৫৭ সংখ্যক স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শাখাত ত্ৰয়োদশ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যাল...

August 2, 2024 6:59 PM

গুৱাহাটীত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য সচিব ৰবী কোটাৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাক শলাগ

গুৱাহাটীত অনুষ্ঠিত ব্যৱসায়িক সূচলতা সন্দৰ্ভত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্য সচিব ৰবী কোটাই উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাৰ শলাগ লয়। গুৱাহাটীত এনেধৰণৰ অনুষ্ঠানৰ আয়োজন অসমৰ ব্যৱসায়িক পৰিবেশৰ ভৱিষ্যত গঢ়াৰ বাবে সকলো অংশীদাৰকে অভিলাসী লক্ষ্য নিৰ্ধাৰণৰ সুযোগ আগবঢ়াব বুলি ড০ কোটাই মন্তব্য কৰে। তেওঁ কয় যে, প্রথম দৃষ্টিত ব্যৱসায়ৰ সূচলতা বিষয়টো অতি সৰল যেন লাগিলেও প্ৰতিটো উদ্যোগকে সফল কৰি তোলাৰ ক্ষেত্ৰত বিস্তৃত কাম-কাজৰ প্ৰয়োজন। এই...