September 16, 2024 5:57 PM

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। মন্ত্ৰী শ্ৰীবৰাই বোকাখাটত অনুষ্ঠানটিত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ সা-সুবিধাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পর্যালোচনা বৈঠকত জিলাখন...

September 3, 2024 6:57 PM

যোৰহাটত জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত উপস্থিত হৈ জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ৩৫ খন গাঁৱত ৩১৯ হেক্টৰ ধাননিত ৰাইচ হিছপা নামৰ চৰহা পোকৰ আক্ৰমণৰ বাবে জিলাখনৰ ৫৮৯ গৰাকী কৃষক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে সমগ্র বিষয়টোৰ শেহতীয়া দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষি মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত মিলিত হয়। তেওঁ কৃষকসকলৰ সকাহৰ বাবে জিলা কৃষি বিভাগে গ্রহণ কৰি থকা যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ পৰ্যালোচনা কৰে। ২৮১ হেক্টৰ ধাননিত ইতিমধ্যে পোকৰ আক্...

August 6, 2024 9:00 PM

লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ, জৈৱ প্ৰযুক্তি প্রতিষ্ঠান নতুন দিল্লীৰ সৌজন্যত আজি লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধানৰ কৃষি কাৰ্যৰ সৈতে জড়িত তথা দ্বৈত শস্য ৰোপণত জড়িত প্রগতিশীল কৃষকসকলক কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে চলিত বছৰত অসমৰ মুঠ এহেজাৰ হেক্টৰ কৃষিভূমিত দ্বৈত শস্য ৰোপন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ...

August 1, 2024 12:51 PM

খানাপাৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম পশুধন আৰু হাঁহ- কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ সংসাধিত খাদ্য সামগ্রী প্রস্তুত কৰা হ'ব। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহনা যোগাই আহিছে। তদুপৰি ৰাজ্যৰ সবাতোকৈ সম্ভাৱনা পূর্ণ ক্ষেত্ৰসমূহৰ অন্যতম হোৱা হেতুকে ইয়াৰ লগত জড়িত হৈ নত...

July 18, 2024 5:52 PM

পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত আজি অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীর্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধপালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্...

June 29, 2024 12:49 PM

বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত

কৃষি বিভাগৰ দ্বাৰা বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে কালি অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ৰাজ্যিক ন’ডেল বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটোৱে জিলাখনৰ কৃষি পদ্ধতিৰ মূল্যাংকন আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে কৃষকসকলৰ মনৰ ভাব জানিবলৈ চেষ্টা কৰে। প্ৰথমে প্ৰতিনিধি দলটো জাগীৰোড কৃষি চক্ৰৰ অন্তর্গত আমলিঘাট, বানানা প্রডিউচাৰ কোম্পান...

June 16, 2024 1:29 PM

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধি বিষয়ক অসম কৃষি বিশ্ববিদ্যালয়ত আলোচনাচক্র

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধিৰ জৰিয়তে ৰাজ্যৰ কৃষিক্ষেত্ৰ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে কালি এখন আলোচনাচক্র অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই আলোচনাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বীজ বিক্রেতা সংস্থাৰ প্ৰতিনিধি আৰু বীজ উৎপাদকে অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ বিদুৎ চন্দন ডেকাৰ উপস্থিতিত অনুষ্ঠিত আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা বিভিন্নজনে ৰাজ্যৰ কৃষিক্ষেত্ৰত বৰ্তমান সময়ত গুণগত মানৰ বীজৰ প্ৰয়োজনীয়তা আৰু বীজ উৎপাদন তথা সংৰক্ষণৰ ক্ষেত্ৰত অসম ...

June 14, 2024 6:10 PM

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় কৰ্মশালা

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় এখন কৰ্মশালা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱক-যুৱতীয়ে এই প্রশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়াই ভাষণ প্ৰসংগত পশুপালন বৃত্তি সাম্প্রতিক সময়ৰ এক লাভজনক বৃত্তি বুলি উল্লেখ কৰি পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ হোৱাৰ অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত সম্ভ...