May 10, 2024 5:53 PM

বিজেপি মূল্যবৃদ্ধি ৰোধত বিফল হোৱা বুলি আম আদমী পাৰ্টীৰ অভিযোগ

আম আদমী পাৰ্টীয়ে আজি বিজেপিয়ে মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে বৰ্তমানৰ চৰকাৰৰ শাসন কালত দেশত ভোকাতুৰ লোকৰ মাত্ৰা ভয়ংকভাৱে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে। তেওঁ লগতে গ্ৰামীণ আৰু নগৰীয়া দুয়োটা এলেকাতে খৰচৰ তুলনাত জনসাধাৰণৰ উপাৰ্জন সমানুপাতিকভাৱে বৃদ্ধি পোৱা নাই বুলিও কয়। ব্যাপক মাত্ৰাত দেখা দিয়া নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ পৰিণতিতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। আপৰ নেতাগৰাকীয়...

April 16, 2024 6:14 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ দলৰ নেতা সঞ্জয় সিঙৰ

আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছে। দলৰ নেতা সঞ্জয় সিঙে আজি এখন সংবাদমেলত কয় যে কাঁচৰ খিৰিকীৰে বিভক্ত এটা কক্ষত অকল অৰবিন্দ কেজৰিৱালৰ পত্নী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎ কৰিব পৰাৰ অনুমতি প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশোধৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰি শ্ৰী সিঙে কয় যে কোনোধৰণৰ হেঁচাই কেজৰিৱালৰ মন ভাঙিব নোৱাৰে। তেওঁ লগতে আম আদমী পাৰ্টীক ধ্বংস কৰাই দিল্লী আবকাৰী নীতি কেলেংকাৰিত বিজেপিৰ একমাত্ৰ উ...