September 17, 2024 6:30 PM
জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ গুৰুত্ব আৰোপ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অষ্টম ভাৰত জল সপ্তাহ উদ্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ জল সংৰক্ষণ আৰু বহন ক্ষমতাৰ বিষয়সমূহ দূৰ কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশত পানীৰ উৎস ব্যৱস্থাপনাৰ এনে বহুতো প্রাচীন প্রথা আছে, যিবোৰ আজিও প্রাসংগিক আৰু সেইসমূহ আধুনিক ৰূপত প্ৰয়োগৰ কৰা উচিত। ৰ...